পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/২১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭৬
ভগৱান বুদ্ধ
 

(অৱিদ্যা) এই পাঁচোটা সংযোজন ক্ষয় কৰি তেওঁ অৰহা (অৰ্হন্‌) হয় আৰু এই মাৰ্গত স্থিৰ হলে তেওঁক অৰহপ্‌ফলট্‌ঠো (অৰ্হৎফলস্থ ) বোলা হয়। এইদৰে শ্ৰাৱকসকলৰ চাৰিটা বা আঠোটা ভাগ কৰা হয়। চিত্ৰ আৰু ৱিশাখ দুয়ো গৃহস্থ হৈও অনাগামী আছিল আৰু আনন্দ ভিক্ষু হোৱা সত্ত্বেও ভগৱানৰ জীৱন কালত মাথোন সোতাপন্নহে আছিল। ক্ষেমা, উৎপলৱৰ্ণা আদি ভিক্ষুণীসকল অৰ্হৎপদত উপস্থিত হৈছিলগৈ। আন কথাত কবলৈ গলে নিৰ্ব্বাণ মাৰ্গত প্ৰগতি কৰোঁতে স্ত্ৰীত্ব বা গৃহস্থত্ব একেবাৰে বাধক হোৱা নাছিল।

সংঘৰ প্ৰতিষ্ঠা

বুদ্ধং সৰণং গচ্ছামি।
ধম্মং সৰণং গচ্ছামি।
সংঘং সৰণং গচ্ছামি।

 ইয়াকে শৰণ-গমন কোৱা হয়। আজি-কালিও বৌদ্ধ ৰাইজে এই ত্ৰিশৰণ উচ্চাৰণ কৰি থাকে। এই প্ৰথা যথেষ্ট পৰিমাণে বুদ্ধৰ জীৱন- কালতে আৰম্ভ হৈছিল। এটা কথা মনত ৰাখিব লগীয়া যে বুদ্ধ ভগৱানে ধৰ্ম্মৰ সমানেই সংঘৰ ওপৰতে গুৰুত্ব আৰোপ কৰিছিল। আন কোনো ধৰ্ম্মতে এই কথা পোৱা নাযায়। যীশু খৃষ্টই কয়, 'হে দুখী আৰু ভাৰাক্ৰান্ত লোকসকল, তোমালোক আটায়ে মোৰ ওচৰলৈ আহাহঁক, মই তোমালোকক জিৰণি দিম।[১৭] আৰু ভগৱান কৃষ্ণই কয়ঃ

সৰ্বধৰ্মান্ পৰিত্যজ্য মামেকং শৰণং ব্ৰজ।

অহং ত্বাং সৰ্বপাপেভ্যো মোক্ষয়িষ্যামি মা শুচঃ॥[১৮]


(১৭)^ Matthew, 11, 28.
(১৮)^ 'ভগৱদ্‌গীতা’, অধ্যায় ১৮, শ্লোক ৬৬।