পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/২০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শ্ৰাৱক সংঘ
১৭১
 

 ৰাহুল—(২) মই সততে পৰিচয় থকা হেতুকে পণ্ডিত সকলক অৱজ্ঞা নকৰোঁ। মনুষ্যক জ্ঞান প্ৰদ্যোত দেখুৱাসকলক মই সদায় সেঁৱা কৰোঁ।

(ই হল প্ৰাস্তাৱিক গাথা)

 ভগৱান—(৩) ভাল লগা মনোৰম (পঞ্চেন্দ্ৰিয়ৰ) পাঁচোটা কামোপভোগ ত্যাগ কৰি তুমি শ্ৰদ্ধাৰে সৈতে ঘৰৰপৰা বাহিৰ হোৱা আৰু দুখৰ অন্ত পেলাওঁতা হৈ পৰা।

 (৪) কল্যাণ মিত্ৰসকলৰ লগত মৈত্ৰী কৰা। তোমাৰ থকা ঠাই এনে ধৰণৰ নিৰ্জ্জন হোৱা উচিত যত বৰ বেচি হাই-উৰুমি নহয়। তুমি মিতাহাৰী হোৱা।

 (৫) চীৱৰ (কাপোৰ ), পিণ্ডপাত (অন্ন), ঔষধপত্ৰ আৰু থকা ঠাইৰ বিষয়ে তৃষ্ণা নাৰাখিবা আৰু পুনৰ্জ্জন্ম লাভ নকৰিবা।

 (৬) ৱিনয়ৰ নিয়মত পঞ্চেন্দ্ৰিযৰ সংযম ৰাখিবা, কায়গতা-স্মৃতি থাকিবলৈ দিয়া আৰু বৈৰাগ্যপূৰ্ণ হোৱা।

 (৭) কাম-ৱিকাৰৰ লগত মিশ্ৰিত বিষয়ৰ শুভ নিমিত্ত এৰি দিয়া আৰু একাগ্ৰতা তথা সমাধি প্ৰাপ্তি কৰাই দিব পৰা অশুভ নিমিত্তৰ[১৩] চিন্তা কৰা।

 (৮) আৰু অনিমিত্তৰ (নিৰ্ব্বাণৰ) চিন্তা কৰা আৰু অহঙ্কাৰ পৰিহাৰ কৰা। অহঙ্কাৰ নাশ কৰিলে তুমি শান্তিতে থাকিবা।

 এইদৰে এই গাথাৰে ভগৱানে ৰাহুলক বাৰে বাৰে উপদেশ দিয়ে।

 এই সুত্তত মুঠতে আঠোটা গাথা আছে। অট্‌ঠকথাকাৰৰ মতে ইয়াৰ দ্বিতীয় গাথাটো ৰাহুলৰ আৰু বাকী কেইটা ভগৱানৰ। অট্‌ঠকথাকাৰে লগতে এই বুলিও কয় যে প্ৰথম গাথাত ভগৱানে পণ্ডিত বুলি সাৰিপুত্তৰে উল্লেখ কৰা যেন অনুমান হয়। ৰাহুল সৰু থাকোঁতেই তেওঁৰ


(১৩)^ অশুত চিন্তা সম্বন্ধে চাওক, সমাধি মাৰ্গ, পৃষ্ঠা ৪৯-৫৮।