পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/২০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭০
ভগৱান বুদ্ধ
 

কলে যে সৰু লৰাক প্রব্রজ্যা দিলে তেওঁৰ অভিভাৱকৰ কি দুখ হয় আৰু তেওঁ ভগৱানৰ হতুৱাই কমবয়সীয়া লােকক প্রব্রজ্যা নিদিযাৰ নিয়ম কৰাই ললে।

 কিন্তু ঐতিহাসিক তথ্যৰ দ্বাৰা বিবেচনা কৰি চালে এই কথাৰ সত্যতা প্রমাণিত নহয়। প্রথম কথা শুদ্ধোদন শাক্য কপিলৱস্তুত নাথাকিছিল। দ্বিতীয় কথা বুদ্ধৰ বুঢ়া বয়সতহে নিগ্রোধাৰাম সজোৱা হৈছিল, গতিকে তেতিয়া ৰাহুল কম বয়সৰ নাছিল। গতিকে ধৰি লব লাগিব যে এই কথা তাৰ কেবা শতিকাৰ পিচত ৰচনা কৰি ‘মহাৱগ্‌গ’ৰ অন্তৰ্ভুক্ত কৰি দিয়া হৈছে।

 ‘অম্বলট্‌ঠিক ৰাহুলোৱাদসুত্ত'ৰ অট্‌ঠকথাত কোৱা হৈছে যে বুদ্ধ ভগৱানে ৰাহুলক শ্ৰামণেৰ দীক্ষা দিয়াৰ সময়ত তেওঁৰ বয়স সাত বছৰ আছিল; আৰু এই ধাৰণা এতিয়াও বৌদ্ধসকলৰ মাজত চলি আছে। যদি ধৰি লােৱা যায় যে বােধিসত্বই গৃহত্যাগ কৰাৰ দিনাই ৰাহুল কুমাৰৰ জন্ম হৈছিল, তথাপি শ্ৰামণেৰ দীক্ষা লােৱাৰ সময়ত তেওঁৰ বয়স সাত বছৰ হােৱাটো সম্ভৱ যেন নালাগে, কিয়নাে গৃহত্যাগ কৰাৰ পিচত বােধিসত্ত্বই সাত বছৰ ধৰি তপস্যা কৰে আৰু তত্ত্ববােধ হােৱাৰ পিচত তেওঁ প্ৰথম চাতুর্মাস বাৰাণসীত কটায়। তাৰ পিচত সংঘ-স্থাপন কৰোঁতে অন্ততঃ কমপক্ষেও একবছৰ সময় লাগিছিল। গতিকে শ্ৰামণেৰ দীক্ষা লােৱাৰ সময়ত ৰাহুলৰ বয়স সাত বছৰ মাথােন হােৱাটো সম্ভৱ নহয়।

 ‘সুত্তনিপাত'ৰ ৰাহলসুত্তৰ পৰা তেওঁক কিদৰে শ্ৰামণেৰ কৰা হৈছিল, সেই সম্বন্ধে অনুমান কৰিব পৰা যায গতিকে আমি ইয়াতে সেই সুত্তৰ অনুবাদ দিওঁহক-

 ভগৱান—(১) সততে পৰিচয় থকাৰ কাৰণে তুমি পণ্ডিত সকলকতো অৱজ্ঞা নকৰা, নহয় জানাে? মনুস্যক জ্ঞান প্রদ্যোত দেখুৱা (সেই

পণ্ডিত সকলৰ) তুমি উচিত সেৱা কৰাতো?