পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/২০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শ্ৰাৱক সংঘ
১৬৫
 

 ইয়াৰ পৰা দেখা যায় যে বাহিয়ৰ কাৰণে এই কাঁজিয়াৰ সৃষ্টি হৈ বাঢ়ি যায় আৰু তাৰ নিষ্পত্তি কৰাৰ বাবে ভগৱানে নিজে চেষ্টা কৰিব লগীয়া হয়। সেই ভিক্ষুসকলৰ সভাৰ পৰা ভগৱান কিছু সময়ৰ বাবে আঁতৰি গলেও, সেই কাঁজিয়া কৌশাম্বীতে শেষ হৈছিল।

 এনেদৰে কাঁজিয়া কৰা ভিক্ষুসকলক এশিকণি দিবলৈ উপাসক- সকলে তেওঁলোকক বহিষ্কাৰ কৰা উচিত আৰু পিচত যেতিয়া তেওঁ– লোকৰ মনত চেতনাৰ উদয় হয় তেতিয়া কাঁজিয়া নিষ্পত্তি কৰিবলৈ চেষ্টা কৰিব লাগে, তাকে দেখুৱাৰ উদ্দেশ্যে মহাৱগ্‌গকাৰে এই কাহিনীৰ ৰচনা কৰা যেন অনুমান হয়। এনে সাধাৰণ কাঁজিয়াৰপৰা সংঘৰ ওপৰত বিপৰীত পৰিণাম পৰাৰ একেবাৰে সম্ভাৱনা নাছিল।

ভিক্ষুণী-সংঘ স্থাপন

 ভিক্ষুণী-সংঘ স্থাপন সম্বন্ধে ‘চুলৱগ্ গ'ত উল্লেখ কৰা বৰ্ণনাৰ সাৰাংশ হল এই :

 ভগৱান বুদ্ধ কপিলৱস্তুৰ নিগ্ৰোধাৰামত আছিল। তেতিয়া মহা- প্ৰজাপতি গৌতমী ভগৱানৰ ওচৰলৈ গৈ কলে, 'তদন্ত, আপুনি তিৰোতাসকলক আপোনাৰ সম্প্ৰদায়ত প্ৰব্ৰজ্যা গ্ৰহণ কৰিবলৈ আজ্ঞা দিয়ক।' ভগৱানে এই প্ৰাৰ্থনা তিনিবাৰ অস্বীকাৰ কৰে আৰু তাৰপৰা তেওঁ বৈশালীলৈ গুচি যায়। মহাপ্ৰজাপতি গৌতমীয়ে নিজৰ মূৰ খুৰাই লগত ভালেমান শাক্য তিৰোতা লৈ ভগৱানৰ পিচে পিচে বৈশালীলৈ গল। খোজ কাঢ়োঁতে কাঢ়োঁতে তেওঁৰ ভৰি ফুলি যায়, শৰীৰ ধূলি-মাকতিৰে ভৰি যায় আৰু তেওঁৰ মুখ তেনেই শুকাই যায়। তেওঁৰ শুকান উদাস মুখ দেখি আনন্দই তেওঁক তাৰ কাৰণ সুধিলত তেওঁ কয়, “ভগৱানে তিৰোতাক বৌদ্ধ-সম্প্ৰদায়ত প্ৰব্ৰজ্যা লবলৈ আজ্ঞা নিদিয়ে, সেই কাৰণে মই উদাস হৈছোঁ।' তেওঁক তাতে থাকিবলৈ