পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/২০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৪
ভগৱান বুদ্ধ
 


মৈত্ৰীময় বাচিক কৰ্ম্ম, (৩) মৈত্ৰীময় মানসিক কৰ্ম্ম, (৪) উপাসকসকলৰ পৰা পোৱা দান-ধৰ্ম্মৰ সকলো সামগ্ৰী সংঘৰ লগত সমানে ভাগ কৰি উপভোগ কৰা, (৫) নিজৰ শীলত অলপমানো ত্ৰুটি হবলৈ নিদিয়া আৰু (৬) আৰ্য্য শ্ৰাৱকৰ পক্ষে শোভাকাৰক সম্যক দৃষ্টি ৰখা।’

 ভগৱানে এই সম্যক দৃষ্টি সম্বন্ধে ভালেখিনি আলোচনা কৰিছে। তাক ইয়াত বহলাই বৰ্ণনা কৰাৰ আৱশ্যকতা নাই। এই উপদেশৰ পিচত ভিক্ষুসকলে ভগৱানৰ ভাষণৰ অভিনন্দন কৰে।

 ইয়াৰ পৰা বুজা যায় যে ইমানতে সেই কাঁজিয়াৰ ওৰ পৰিছিল, নহলে ভিক্ষুসকলে ভগৱানৰ ভাষণৰ কিয় অভিনন্দন কৰিব! ‘মহাৱগ্ গ’ আৰু ‘উপক্কিলেস সুত্ত’ত সেই ভিক্ষুসকলে ভগৱানক অভিনন্দন কৰাৰ উল্লেখ নাই। তাত কোৱা হৈছে যে ভিক্ষুসকলে হাই-কাঁজিয়া কৰিয়ে থাকে আৰু তাত বিৰক্ত হৈ ভগৱান তাৰ পৰা প্ৰাচীন ৱংসদাৱ বনলৈ গুচি যায়। গতিকে এই পৰস্পৰ-বিৰোধী কথাৰ মাজত কিদৰে সংগতি অনা যায়?

 ‘অঙ্গুত্তৰনিকায়’ৰ চতুক্ক নিপাতৰ ২৪১ সুত্তত তলত দিয়া কথা পোৱা যায় :

 এবাৰ ভগৱান কৌশাম্বীৰ ঘোষিতাৰামত আছিল। তেতিয়া আয়ুষ্মান আনন্দ তেওঁৰ ওচৰলৈ গৈ প্ৰণাম কৰি এফালে বহিল। ভগৱানে তেওঁক সুধিলে ‘আনন্দ, সেই কাঁজিয়াৰ নিষ্পত্তি হলনে?’

 আনন্দ-ভদন্ত, কাঁজিয়াৰ মীমাংসা হব কেনেকৈ? অনুৰুদ্ধৰ শিষ্য বাহিয়ই যেন সংঘ-ভেদ কৰিবলৈকে উঠি পৰি লাগিছে, আৰু অনুৰুদ্ধই তেওঁক একোকে নকয়।

 ভগৱান-পিচে আনন্দ, অনুৰুদ্ধইনো সংঘত দেখা দিয়া হাই- কাঁজিয়াৰ মীমাংসা কৰাৰ কাম কেতিয়া কৰিছে? তুমি আৰু সাৰিপুত্ত-

মোগগল্লানে জানো এই কাঁজিয়াবোৰৰ মিতমাত কৰি অহা নাই?