পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/১৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৮
ভগৱান বুদ্ধ
 

(২০) চুনন্দ (চুন্দ), (২১) পূৰ্ণ মৈত্ৰায়নী পুত্ৰ (পুণ্ণ মন্তাণিপুত্ত), (২২) অনিৰুদ্ধ (অনুৰুদ্ধ), (২৩) নন্দিক (নন্দক ), (২৪) কস্কিল (কপ্পিন), (২৫) সুভূতি, (২৬) ৰেৱত, (২৭) খদিৰবণিক, (২৮) অমোঘৰাজ (মোঘৰাজ ), (২৯) মহাপাৰণিক (?), (৩০) ৱক্কুল (বক্কুল), (৩১) নন্দ, (৩২) ৰাহুল, (৩৩) স্বাগত (সাগত), (৩৪) আনন্দ।

 যদি ‘মহাৱগ্‌গ’ত দিয়া অনামিক ভিক্ষু সকলৰ সংখ্যা বাদ দিয়া হয়, তেন্তে এই এই সূচীৰ পোন্ধৰ জন ভিক্ষুৰ পৰম্পৰা ‘মহাৱগ্‌গ’ৰ বৰ্ণনাৰ লগত মিলি যায়; আৰু তাৰ পৰা অনুমান কৰিব পৰা যায় যে পঞ্চবৰ্গীয় ভিক্ষু সকলৰ পিচত ভগৱানে যশ আৰু তেওঁৰ লগৰীয়া চাৰিজনকো অনুগামী হিচাপে লাভ কৰিছিল।

 এওঁলোক দহজনক লগত লৈ ভগৱান উৰুৱেলালৈ গৈছিল আৰু তাত তেওঁলোকৰ সংঘত তিনিওজন কাশ্যপ বন্ধুৱেও যোগদান কৰে। এই তেৰজন শিষ্য লগত লৈ ভগৱান ৰাজগৃহলৈ যায়। তাত সঞ্জয়ৰ শিষ্যসকলৰ ভিতৰৰ পৰা সাৰিপুত্ত আৰু মোগ্‌গল্লানে সঞ্জয়ৰ পন্থ এৰি ভগৱানৰ শিষ্যত্ব গ্ৰহণ কৰে। এই দুজনৰ আগমনৰ ফলত ভিক্ষু-সংঘৰ প্ৰতিপত্তি যথেষ্ট বৃদ্ধি পায়, কিয়নো ৰাজগৃহত এওঁলোকৰ বৰ খ্যাতি আছিল। এওঁলোক দুজনে বুদ্ধৰ দৰ্শনৰ কিদৰে বিকাশ সাধন কৰিছিল, সুত্ত আৰু 'ৱিনয়পিটকে’ তাৰ সাক্ষ্য দিয়ে। 'অভিধম্মপিটক’ৰ প্ৰায় আটাইখিনি কথাই সাৰিপুত্তই ৰচনা কৰা বুলি বিশ্বাস কৰা হয়।

 ইয়াৰ পিচত উল্লিখিত ২৯ জন ভিক্ষুৰ পৰম্পৰা ঐতিহাসিক যেন অনুমান নহয়। 'চুলৱগ্‌গ'ত (ভাগ ৭) কোৱা হৈছে যে আনন্দ আৰু অনুৰুদ্ধ একে সময়তে ভিক্ষু হয়। কিন্তু ইয়াত অনুৰুদ্ধৰ ক্ৰমাঙ্ক হল ২২ শ আৰু আনৰ ৩৪ শ। এওঁলোকৰ লগত উপালি নাপিতেও প্ৰব্ৰজ্যা গ্ৰহণ কৰিছিল আৰু পিচত তেওঁ বিনয়ধৰ হৈছিল। কি তেওঁৰ নাম হলে এই সূচীত পোৱা নাযায়। ইয়াত উল্লেখ কৰা প্ৰায়