সমললৈ যাওক

পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/১৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শ্ৰাৱক সংঘ
১৪৭
 

 বুদ্ধ ভগৱানে যেতিয়া এহেজাৰ তিনিজন জটাধাৰী পৰিব্ৰাজকক ভিক্ষু কৰি নিজৰ লগতে ৰাজগৃহলৈ লৈ গৈছিল, তেতিয়া গোটেইখন ৰাজগৃহতে হৈ চৈ লাগি পৰিছিল, অথচ সাৰিপুত্তই এই কথাও নাজানিছিল যে বুদ্ধ কোন—ই কেনেকৈ সম্ভৱ হব পাৰে? অস্‌সজি পঞ্চবৰ্গীয় ভিক্ষু সকলৰ অন্যতম আছিল। আন কেইজন পঞ্চবৰ্গীয় ভিক্ষুৰে সৈতে কাশীৰ ওচৰে কাষৰে ধৰ্ম্মোপদেশ দিবলৈ পঠাই দি ভগৱান উৰুৱেলা আৰু তাৰ পৰা ৰাজগৃহলৈ গৈছিল। তেনেহলে এই অস্‌সজি আকৌ হঠাতে ৰাজগৃহত উপস্থিত হল কেনেকৈ? মুঠতে কব লাগিব যে পঞ্চবৰ্গীয় কেইজনা, যশ আৰু তেওঁৰ চাৰিজন লগৰীয়াক ভিক্ষু সংঘত অন্তভুক্ত কৰোৱাৰ পিচত ভগৱানৰ কাশীৰ পৰা ৰাজগৃহলৈ যাত্ৰা কৰাৰ যি বিৱৰণ ‘মহাৱগগ'ত দিয়া হৈছে, তাৰ অধিকখিনিয়ে উপকথা ধৰণৰ।


 'ললিতৱিন্তৰত' দিয়া সূচী—যদিও প্ৰকৃত কথা কি আছিল তাক সঠিককৈ কব নোৱাৰি, তথাপি 'ললিতৱিন্তৰ'ৰ আৰম্ভনিতে ভিক্ষু সকলৰ যি সূচী দিয়া হৈছে তাৰ পৰা ভিক্ষু-সংঘ সম্বন্ধে অলপ অচৰপ প্ৰাথমিক জ্ঞান লাভ কৰিব পৰা যাব পাৰে। গতিকে আমি সেই সূচী ইয়াতে তুলি দিলোঁ‌—

 (১) জ্ঞানকৌণ্ডিণ্য, (২) অশ্বজিৎ (অস্‌সজি) (৩) ৱাষ্প (ৱপ্প), (৪) মহানাম, (৫) ভদ্ৰিক (ভদ্দিয়), (৬) যশোদেৱ (ষস), (৭) বিমল, (৮) সুবাহ, (১) পূৰ্ণ (পূণ্ণজি), (১০) গৱাম্পতি (গৱম্পতি), (১১) উৰুৱেলকাশ্যপ (উৰুৱেল কস্‌সপ, (১২) নদীকাশ্যপ, (১৩) গয়াকাশ্যপ, (১৪) সাৰিপুত্ৰ (সাৰিপুত্ত), (১৫) মহামৌদ্‌গল্যায়ন (মহামোগ্‌গল্লান), (১৬) মহাকাশ্যপ (মহাকস্‌সপ) (১৭) মহা- কাত্যায়ন (মহাকচ্চান), (১৮) কফিল (?), (১১) কৌণ্ডিণ্য (?),