পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/১৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪০
ভগৱান বুদ্ধ
 

বোধিসত্ত্ব গৃহস্থাশ্ৰমত থাকে তেন্তে তেওঁ চক্ৰৱৰ্ত্তী হব আৰু যদিহে তেওঁ গৃহস্থাশ্ৰম ত্যাগ কৰি সন্ন্যাসী হয তেন্তে তেওঁ সম্যক সম্বুদ্ধ হব। এই আঠজনাৰ ভিতৰত কৌণ্ডিণ্য আটাইতকৈ তৰুণ আছিল। তেওঁ একেটা মাথোন ভৱিষ্যৎ-বাণী কৰিছিল, সেয়ে হল—বোধিসত্ত্ব নিঃসন্দেহে সম্যক সম্বুদ্ধ হব। দুই প্ৰকাৰৰ ভৱিষ্যৎ-বাণী কৰা সাতজনা ব্ৰাহ্মণ ঘৰলৈ গৈ নিজৰ নিজৰ লৰাহঁতৰ আগত কৈছিল, ‘আমি এতিয়া বুঢ়া হলোঁহক। যদি সিদ্ধাৰ্থ ৰাজকোঁৱৰ বুদ্ধ হৈ যায় তেনেহলে তেওঁক চাবলৈ আমাৰ ভাগ্য নহব। তেওঁ বুদ্ধ হলে তোমালোকে তেওঁৰ সংঘত প্ৰৱেশ কৰিবাহঁক।’

 বোধিসত্ত্বই গৃহত্যাগ কৰাৰ সময়ত অকল কৌণ্ডিণ্যহে জীয়াই আছিল। তেওঁ আন সাতজনা ব্ৰাহ্মণৰ লৰাহঁতৰ ওচৰলৈ গৈ ক'লে, 'সিদ্ধাৰ্থকুমাৰ পৰিব্ৰাজক হৈছে। তেওঁ নিশ্চয় বুদ্ধ হব, গতিকে বলাহঁক, আমিও পৰিব্ৰাজক হৈ তেওঁৰ পিছে পিচে যাওঁহক’ সেই যুৱক সকলৰ চাৰিজন কৌণ্ডিণ্যৰ কথাত মান্তি হল আৰু তেওঁলোকেও তেওঁৰ লগতে প্ৰব্ৰজ্যা গ্ৰহণ কৰি বোধিসত্ত্বৰ পিছে পিচে গল। পিচলৈ গৈ এই পাঁচজন লোক ‘পঞ্চবৰ্গীয়’ নামেৰে প্ৰসিদ্ধ হৈ পৰে। 'মহাৱগ্‌গ’ আৰু 'ললিতৱিস্তৰ'ত তেওঁলোকৰ নাম পোৱা যায়। তেওঁলোকৰ নাম হল যথাক্ৰমে—কোণ্ডঞ্‌ঞ (কৌণ্ডিণ্য), ৱপ্প (বাষ্প), ভদ্দিয় (ভদ্ৰিক), মহানাম আৰু অস্‌সজি (অশ্বজিৎ)।

 কিন্তু পঞ্চবৰ্গীয় সকলৰ এই পৰিচয় উপকথা যেন লাগে। যদিহে কৌণ্ডিণ্যৰ বিশ্বাস আছিল যে গৌতম কুমাৰ বুদ্ধ হব, তেন্তে তেওঁক উৰুৱেলাত এৰি থৈ কৌণ্ডিণ্য কিয় বাৰাণসীলৈ গুচি গৈছিল? বোধিসত্ত্বই যেতিয়া শৰীৰৰ কাৰণে আৱশ্যকীয় আহাৰ গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিলে তেতিয়া কৌণ্ডিণ্যৰ সম্পূৰ্ণ শ্ৰদ্ধা কিয় নাইকিয়া হৈছিল? মোৰ বোধেৰে এই পঞ্চবৰ্গীয় ভিক্ষু কেইজনা প্ৰথমতে আলাৰ কালামৰ পন্থৰ