পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/১৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 


শ্ৰাৱক সংঘ

পঞ্চবর্গীয় ভিক্ষুসকল সম্পর্কীয় তথ্যাদি

 যি কেইজনা পঞ্চবর্গীয় ভিক্ষুক বুদ্ধ ভগৱানে পােৰ পহিলতে ধর্ম্মোপদেশ দিছিল, তেওঁলােকৰ বিষয়ে 'সুত্তপিটক’ৰ পৰা তেনেই কমহে জানিব পৰা যায়। সংযুনিকায়’ৰ ৱংগীস সংযুক্ত (সং. ৯) এই বুলি উল্লেখ কৰা হৈছে যে পােন প্ৰথমতে বৌদ্ধধৰ্ম্মৰ বােধ হােরা আজ্ঞাত কৌণ্ডিণ্য ভালেমান দিনৰ পিচত ৰাজগৃহলৈ গৈছিল আৰু তেওঁ বুদ্ধক সাষ্টাঙ্গে প্রণিপাত কৰিছিল। দ্বিতীয় পঞ্চবর্গীয় ভিক্ষু অস্‌সলি (অশ্বজিৎ) ৰাজগৃহত নৰিয়াত পৰি আছিল আৰু ভগৱানে তেওঁক উপদেশ দিছিল। 'খন্ধসংযুক্ত’ৰ ৮৮তম সুত্তৰ পৰা এই কথা জানা যায়। এই দুজনাৰ বাহিৰে বাকী তিনিজনাৰ উল্লেখ ‘সুপিটক’ত একেবাৰে পােৱা নাযায়।

 জাতকৰ নিদান-কথা আৰু আন আন অট্‌ঠকথাত এই পঞ্চবর্গীয় ভিক্ষু কেইজন সম্বন্ধে কম বেচি পৰিমাণে কিছু তথ্য পােৱা যায়। তাৰ সাৰাংশ হল এই :

ৰামাে ধজো লক্‌খণো চাপি মন্তী
কৌণ্ডঞ্‌ঞো চ ভােজো সুয়ামে সুদত্তো।
এতে তদা অট্‌ঠ অহেসুং ব্রাহ্মণা
ছলংগৱা মন্তং ব্যাকৰিংসু ॥

 অর্থাৎ, 'ৰাম, ধ্বজ, লক্‌খণ (লক্ষ্মণ ), মন্ত্রী '(মন্ত্রী), কৌণ্ডঞ্‌ঞো (কৌণ্ডিণ্য), ভােজ, সুয়াম আৰু সুদত্ত এই আঠজনা ষড়ঙ্গ বেদ ব্রাক্ষণ আছিল। তেওঁলােকে বােধিসত্ত্বৰ ভৱিষ্যতৰ কথা কৈছিল।'

 এওঁলােকৰ সাতজনে দুই ধৰণৰ ভৱিষ্যৎ-বাণ কৰে, যেনে, যদিহে