পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/১৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৬
ভগৱান বুদ্ধ
 

 বুদ্ধ ভগৱানে প্রথমতে দেখুৱাই দিলে যে দুখৰ প্রকৃত কাৰণ আত্মা বা প্রকৃতি নহয়, বৰং মানুহৰ তৃষ্ণাহে। পূৰ্ব্বজন্ম আৰু এই জন্মৰ তৃষ্ণাৰ কাৰণে মানুহৰ সকলাে দুখৰ সৃষ্টি হয়। তৃষ্ণা ক’ৰ পৰা আহে, সেই প্রশ্ন নিৰৰ্থক। যেতিয়ালৈকে তৃষ্ণা আছে তেতিয়ালৈকে দুখ উৎপন্ন হবই—ইয়ে হল দ্বিতীয় আৰ্য্যসত্য।

 তৃতীয় আৰ্য্যসত্য হল এয়ে যে তৃষ্ণাৰ নাশ কৰিলেহে মানুহ দুখৰ পৰা মুক্ত হয়।

 আৰু তৃষ্ণা-নাশৰ উপায় হল দুটা অন্তৰ মাজেৰে যােৱা আৰ্য্য অষ্টাঙ্গিক মার্গ ;-ইয়ে হল চতুর্থ আৰ্য্যসত্য।

 অষ্টাঙ্গিক মার্গৰ ব্যাখ্যা—এই আৰ্য্য অষ্টাঙ্গিক মার্গৰ প্ৰথম সােপান হল সম্যক দৃষ্টি। সম্যক দৃষ্টি অর্থাৎ চাৰিটা আৰ্য্যসত্যৰ যথার্থ জ্ঞান। জগত দুখেৰে ভৰা। মানুহ জাতিৰ তীব্ৰ তৃষ্ণা ক্ষয় কৰিব পাৰিলে সকলােৱে শান্তি পােৱাটো সম্ভৱ আৰু এজনে আনজনৰ লগত কায়-মন-বাক্যে সদাচাৰ, সত্য, প্রেম তথা আস্থাৰে সৈতে আদান প্রদান কৰাৰ এই আৰ্য্য অষ্টাঙ্গিক মার্গই হল সেই শান্তিৰ মাৰ্গ। যদি এই সম্যক দৃষ্টি মানুহৰ মাজত উৎপন্ন নহয় তেন্তে অহঙ্কাৰ আৰু স্বাৰ্থৰ বাবে হােৱা হাই-কাঁজিয়াৰ ওৰ নপৰে আৰু বিশ্বয়ো শান্তি লাভ কৰিব নােৱাৰে।

 যদিহে প্রত্যেক ব্যক্তিয়ে নিজৰ ঐশ্বৰ্য্য আৰু প্রভুত্ব বঢ়োৱাৰ সংকল্প কৰে তেন্তে তাৰ পৰা তেওঁৰ আৰু আনৰ সমানেই হানি হব। গতিকে কামােপভোগত আৱদ্ধ নহবলৈ, আনৰ লগত পৰিপূৰ্ণ মিত্ৰতা কৰিবলৈ আৰু আনৰ সুখ-সন্তোষ বৃদ্ধি কৰিবলৈ শুদ্ধ সংকল্প মনত ৰখা উচিত।

 অসত্য ভাষণ, অ’ৰ কথা ত’ত লগােৱা, গালি দিয়া, অনর্থক বলকা আদি অসৎ বাণীৰ ফলত সমাজৰ সংগঠন থানবান হৈ যায়, আৰু হাই-