পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/১৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তপশ্বৰ্য্যা আৰু তত্ত্ববোধ
১৩৫
 

আৰু আনৰ দুখ একে। গতিকে বুদ্ধ ভগৱানে প্ৰথম আৰ্য্যসত্যত সৰ্ব্বসাধাৰণৰ দুখকো সামৰি লয়।

 শ্ৰমণ সকলেও জন্ম-জৰা-মৰণাদি সৰ্ব্বসাধাৰণ দুখ স্বীকাৰ কৰিছিল। অকল সেয়ে নহয়, সেই দুখ নাশৰ বাবে তেওঁলোকে তপশ্চৰ্য্যাও কৰিছিল। কিন্তু দুখৰ কাৰণ লৈ তেওঁলোকৰ মাজত মতভেদ আছিল। কোনো কোনোৱে কৈছিল যে দুখ আত্মাই সৃষ্টি কৰে (সয়ংকতং দু্‌ক্‌খং), দ্বিতীয় শ্ৰেণীয়ে কৈছিল যে দুখ পৰেহে উৎপন্ন কৰে (পৰংকতং দু্‌ক্‌খং), তৃতীয় শ্ৰেণীৰ মতে আকৌ কিছু অংশলৈকে আত্মাই আৰু কিছু অংশ পৰে দুখৰ সৃষ্টি কৰে (সয়ংকতং চ পৰংকতং চ দু্‌ক্‌খং), আৰু চতুৰ্থ শ্ৰেণীৰ মতে হলে আত্মা অথবা পৰে দুখৰ সৃষ্টি নকৰে, সি হৈছে আকস্মিক। (অসযংকাৰ অপৰংকাৰং অধিচ্চলমুপ্পনং দু্‌ক্‌খং)[৮]

 ইয়াৰে প্ৰথম শ্ৰেণীৰ শ্ৰমণ আছিল নিৰ্গ্ৰন্থ (জৈন) আদি। তেওঁ লোকৰ মতে পূৰ্ব্বজন্মত আত্মাই পাপ কৰা হেতুকে দুখৰ সৃষ্টি হয় আৰু তাকে নাইকিয়া কৰিবলৈ তেওঁলোকে দেহ-দণ্ডন কৰি আত্মাক কষ্ট দিছিল। দ্বিতীয় প্ৰকাৰৰ শ্ৰমণ আছিল সাংখ্যমতাৱলম্বী ধৰণৰ৷ তেওঁলোকৰ ধাৰণা আছিল যে জড় প্ৰকৃতিৰ কাৰণেই দুখৰ সৃষ্টি হয় আৰু নিজৰ আত্মাক প্ৰকৃতিৰ কবলৰ পৰা মুক্ত কৰিবলৈ তেওঁলোকে ঘোৰ তপস্যা কৰিছিল। তৃতীয় শ্ৰেণীৰ শ্ৰমণসকলৰ মতে আত্মা আৰু প্ৰকৃতি মিলি দুখৰ সৃষ্টি কৰে আৰু তাৰ পৰা আত্মাক মুক্ত কৰিবলৈ তেওঁলোকেও দেহ-দণ্ডন কৰিছিল। চতুৰ্থ শ্ৰেণীৰ শ্ৰমণসকলে দুখক আকস্মিক বুলি ভাবিছিল, গতিকে তেওঁলোকে অক্ৰিয়বাদৰ পিনে মন দিছিল। এনেদৰে শ্ৰমণসকলে হয়তো তপশ্চৰ্য্যা কৰিছিল, নহলে নিষ্ক্ৰিয় হৈ পৰিছিল। তেওঁলোকৰ দ্বাৰা সাধাৰণ সমাজৰ তেনেই কমহে লাভ হৈছিল।


[(৮)‘নিদানৱগ্‌গ সংযুক্ত’, ৱৰ্গ ২, সুত্ত ৭ চাওক]