পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/১৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তপশ্চৰ্য্যা আৰু তত্ত্ববােধ
১১৭
 

মনত এই তিনিটাৰ কোনো এটা বিতৰ্কৰ সৃষ্টি হৈছিল। তেতিয়া মই ভাবিছিলোঁ যে এই বেয়া ধৰণৰ বিতৰ্ক মোৰ মনত সৃষ্টি হৈছে। ই মোৰ নিজৰ আৰু আনৰ দুখৰ কাৰণ হব, প্ৰজ্ঞা ৰুদ্ধ কৰিব আৰু নিৰ্ব্বাণ প্ৰাপ্তিত বাধা দিব। এনেদৰে চিন্তা কৰাৰ ফলত মোৰ মনৰ পৰা এই বিতৰ্ক আঁতৰি গৈছিল।

 ‘হে ভিক্ষুসকল, শৰত কালত শস্য পকিলে গৰখীয়াহঁতে অতিশয় সাৱধান ভাৱে নিজৰ গৰু-মহ চৰায়, এচাৰিৰে কোবাই কোবাই গৰু মহক খেতি-পথাৰৰ পৰা আঁতৰাই ৰাখে, কিয়নো তেওঁলোকে জানে যে তাকে নকৰিলে গৰু-মহ খেতি-পথাৰত সোমাব আৰু তেতিয়া তেওঁলোকে জৰিমনা ভৰিব লাগিব। এইদৰে ময়ো কাম, ব্যাপাদ, বিহিংসা আদি অকল্যাণকৰ মনোবৃত্তিবোৰ ভয়াবহ বুলি বুজিব পাৰিছিলোঁ।

 ‘সেই সময়ত মই বৰ সাৱধানেৰে আৰু উৎসাহেৰে থাকিছিলোঁ। তেতিয়া নৈষ্কৰ্ম্য, অব্যাপাদ আৰু অবিহিংসা—এই তিনিটা বিতৰ্কৰ কোনোবা এটা মোৰ মনত উৎপন্ন হৈছিল। তেতিয়া মই ভাবিছিলোঁ যে মোৰ মনত এই কল্যাণকৰ বিতৰ্ক সৃষ্টি হৈছে, ই মোক, আনক বা উভয়কে দুখ দিয়া বিতৰ্ক নহয়, ইয়াৰ ফলত প্ৰজাৰ অভিবৃদ্ধি হব আৰু ই নিৰ্বাণ প্ৰাপ্তিৰ পিনলৈ আগবঢ়াই নিব। ওৰে দিনে, ওৰে ৰাতিয়ে ইয়াক ভাবি থাকিলেও ভয়ৰ কোনো কাৰণ নাই। তথাপি অধিক সময় ধৰি চিন্তা কৰি থাকিলে মোৰ দেহা ভাগৰি পৰিব আৰু মোৰ চিত্ত থিৰেৰে নাথাকিব আৰু অস্থিৰ চিত্তই সমাধি লাভ কৰিব কেনেকৈ? গতিকে (অলপ পিচত) মই নিজৰ ভিতৰতে নিজৰ চিত্তক স্থিৰ কৰি লৈছিলোঁ। জহকালিৰ শেহৰ পিনে মানুহে খেতি চপাই উঠাৰ পিচত গৰখীয়াই যিদৰে নিজৰ গৰু-মহক উদং খাবলৈ দিয়ে, সিহঁত গছৰ তলতেই থাকক বা পথাৰত খেলি ফুৰক—তালৈ মন নকৰি মাথোন সিহঁতৰ ওপৰত চকু ৰখাৰ বাহিৰে আন একো নকৰে, সেইদৰে নৈষ্কাৰ্মাদি