পেটত হাত দিলে পিঠিৰ হাড় ঢুকি পোৱা হল আৰু পিঠিত হাত দিলে পেটৰ চাল পোৱা গল। পিঠিৰ হাড়ৰ অৱস্থাও তেনেকুৱাই হল। মই শৌচ বা পেচাব কৰিবলৈ বহিলে তাতেই পৰি থকা হলোঁ। মই গাত হাত দিলেই মোৰ দুৰ্ব্বল চুলিবোৰ আপোনা-আপুনি সৰি পৰিছিল।'
বিতৰ্কৰ ওপৰত অধিকাৰ
ভালেমান পুথিতে বোধিসত্ত্বই সাত বছৰ ধৰি তপশ্চৰ্য্যা কৰা বুলি উল্লেখ কৰা হৈছে। এই সাত বছৰৰ ভিতৰত তেওঁ প্ৰধানকৈ দেহাক কষ্ট দিছিল, তথাপি তেওঁৰ মনত সেই সময়তো যে আন প্ৰকাৰৰ বিচাৰধাৰা ভুমুকি মৰা নাছিল, তেনে নহয়। ওপৰত উল্লেখ কৰি অহা উপমা তিনিটাৰ পৰা দেখা যায় যে কাম-বিকাৰৰ সমূলি লোপ সাধন কৰিব নোৱাৰিলে নানাবিধ কায়-ক্লেশৰ পৰা কোনোৰূপ লাভ নহয় বুলি চাগৈ তেওঁৰ স্পষ্ট প্ৰতীতি হৈছিল। তদুপৰি সুত্তবোৰৰ পৰা দেখা যায় যে সেই সময়ত তেওঁৰ মনত আৰু কিছুমান সজ বিচাৰৰ উদয় হৈছিল। আমি ইয়াতে তাৰে কিছুমান চিন্তাধাৰাৰ চমুকৈ বৰ্ণনা কৰিব পাৰোঁহক।
‘মঝ্ঝিম নিকায়’ ‘দ্বেধাৱিতক্ক সুত্ত’ত ভগৱানে কৈছে, 'হে ভিক্ষুসকল, সম্বোধ লাভ কৰাৰ আগতে মই যেতিয়া বোধিসত্ত্ব আছিলোঁ, তেতিয়া মোৰ মনত এই বিচাৰ উপস্থিত হল যে বিতৰ্কক দু ভাগত ভগাব পাৰি। সেই মতে কাম-বিতৰ্ক (বিষয়-বিতৰ্ক), ব্যাপাদ-বিতৰ্ক (দ্বেষ-বিতৰ্ক) আৰু বিহিংসা বিতৰ্ক (পৰক বা নিজক কষ্ট দিয়াৰ বিতৰ্ক)—এই তিনিটা বিতৰ্কক মই এভাগত সামৰি ললোঁ আৰু নৈষ্কৰ্ম্য (একান্ত বাস), অব্যাপাদ (মৈত্ৰী) আৰু অবিহিংসা (কষ্ট নিদিয়াৰ বুদ্ধি)—এই তিনিটা বিতৰ্কক দ্বিতীয় ভাগত সামৰি ধৰিলোঁ। ইয়াৰ পিচত অতিশয় সাৱধান আৰু কৌশলেৰে সৈতে থকাৰ সময়তো মোৰ