তাৰ ভিতৰেদিয়ে শৰীৰক কষ্ট দি তপশ্চৰ্য্যা কৰিলেও তেওঁলোকৰ তত্ত্ব-বোধ নহব। আন কোনো শ্ৰমণ ব্ৰাহ্মণে যাগ-যজ্ঞৰ মাৰ্গ পৰিহাৰ কৰি যদি বনত থাকিবলৈ লয়গৈ, অথচ তেওঁলোকৰ অন্তৰৰ পৰা কাম-বিকাৰ নষ্ট নহয়, তেনেহলেও তেওঁলোকৰ তপশ্চৰ্য্যাৰ পৰা কোনো লাভ নহব, তিতা কাঠত উত্তৰাৰণি ঘঁহি জুই তুলিবলৈ কৰা চেষ্টাৰ নিচিনাকৈয়ে তেওঁলোকৰ চেষ্টা বিফল হব। কিন্তু কোনো মানুহে যদি কামোপভোগৰ পৰা আঁতৰি থাকি মনৰ পৰা কাম-বিকাৰক সমূলি নাইকিয়া কৰি দিব পাৰে, তেন্তে তেওঁ শৰীৰক বিশেষ কষ্ট নিদিয়াকৈও তত্ত্ব-বোধ লাভ কৰিব পাৰে।
হঠযোগ—যদিওবা বোধিসত্ত্বৰ মনলৈ এই উপমা তিনিটা আহিছিল, তথাপি সেই সময়ৰ শ্ৰমণ সকলৰ আচৰণ-প্ৰথা অনুসৰি তেৱোঁ কঠোৰ তপশ্চৰ্য্যা কৰিবলৈ স্থিৰ কৰিলে। আৰম্ভণিতে তেওঁ হঠযোগৰ ওপৰত জোৰ দিলে। ভগৱানে সচ্চকৰ আগত কৈছে, ‘হে অগ্গিৱেস্সন, যেতিয়া মই দাঁতৰ ওপৰতন দাঁত ঘহি জিভা তালুত লগাই নিজৰ চিত্ত দমন কৰিছিলোঁ, তেতিয়া মোৰ কাষলতিৰ পৰা ঘামৰ জোল বৈছিল। যিদৰে কোনো বলী পুৰুষে দুৰ্ব্বল লোকৰ মূৰ বা ডিঙিত ধৰি পকাই দিয়ে সেইদৰে ময়ো মোৰ মনক দমন কৰিছিলোঁ। হে, অগ্গিৱেস্সন, তাৰ পিচত মই আশ্বাস-প্ৰশ্বাস দমন কৰি ধ্যান কৰিবলৈ ললোঁ। তেতিয়া মোৰ কাণেৰে শ্বাস ওলোৱাৰ শব্দ আহিবলৈ ধৰিছিল। কমাৰৰ ভাতি মৰাৰ নিচিনাকৈ মোৰ কাণৰ পৰাও শব্দ ওলাইছিল। তথাপিও, হে অগ্গিৱেস্সন, মই আশ্বাস-প্ৰশ্বাস আৰু কাণ দমন কৰি ধ্যান কৰিবলৈ লাগিলোঁ। তেতিয়া মোৰ এনে লাগিছিল যেনিবা কোনোবাই এখন চোকা তৰোৱালৰ জোঙেৰে মোৰ মূৰটো মথিবলৈ ধৰিছে। তথাপি মই সেই ধ্যান চলাই থাকিলোঁ। তাৰ ফলত মোৰ তলপেট বিষাবলৈ