পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/১৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তপশ্চৰ্য্যা আৰু তত্ত্ববােধ
১১৩
 

শৰীৰ আৰু মন কামোপভোগৰ পৰা অলিপ্ত নহয় আৰু যাৰ কাম-বিকাৰ শাৰ্ন্ত হোৱা নাই তেওঁলোকে লাগিলেই যিমানেই কষ্ট নকৰক, জ্ঞান-দৃষ্টি আৰু লোকোত্তৰ সম্বোধ লাভ কৰিব নোৱাৰে। হে অগ্‌গিৱেস্‌সন, মই দ্বিতীয় এটা উপমা ভাবি পাইছোঁ। ধৰি লোৱা এদাল তিতা কাঠ পানীৰ পৰা আঁতৰত পৰি আছে আৰু কোনো মানুহে যদি উত্তৰাৰণিতে তাত ঘঁহিবলৈ ধৰে তেন্তে তেওঁ জুই তুলিব পাৰিবনে?
 সচ্চক—নোৱাৰে গৌতম, তেওঁৰ চেষ্টা ব্যৰ্থ হব আৰু তেওঁ মাথোন কষ্টহে পাব, কিয়নো সেই কাঠদাল তিতা।
 ভগৱান—সেইদৰে, হে অগ্‌গিৱেস্‌সন, যি শ্ৰমণ আৰু ব্ৰাহ্মণে কামোপভোগ পৰিহাৰ কৰি শৰীৰ আৰু মনক তাৰ পৰা অলিপ্ত কৰি ৰাখে সঁচা, কিন্তু যাৰ মনৰ কাম-বিকাৰ শমিত নহয়, তেওঁলোকে লাগিলে যিমানেই কষ্ট নকৰক, জ্ঞান-দৃষ্টি আৰু লোকোত্তৰ সোধ লাভ কৰিব নোৱাৰে। হে অগ্‌গিৱেস্‌সন, মই তৃতীয় এটা উপমা ভাবি পাইছোঁ। ধৰা, কোনো এদাল শুকান কাঠ পানীৰ পৰা দূৰৈত পৰি আছে। তাৰ ওপৰত এদাল উত্তৰাৰণি ঘঁহি ঘঁহি কোনোবাই জুই তুলিবলৈ চেষ্টা কৰিলে, জুই তুলিব পাৰিবনে নোৱাৰে?
 সচ্চক—পাৰিব, গৌতম, কিয়নো সেই কাঠদাল তেনেই শুকান আৰু সি পানীত পৰি থকা নাই।
 ভগৱান—সেইদৰে, হে অগ্‌গিৱেস্‌সন, যি শ্ৰমণ আৰু ব্ৰাহ্মণ কায়া আৰু মনেৰে কামোপভোগৰ পৰা আঁতৰি থাকে আৰু যাৰ মনৰ কাম- বিকাৰ সম্পূৰ্ণভাৱে নষ্ট হৈ গৈছে, তেনেলোকে নিজৰ শৰীৰক অতিশয় কষ্ট দিয়কেই বা নিদিয়কে, তেওঁৰ জ্ঞান-দৃষ্টি আৰু লোকোত্তৰ সম্বোধ লাভ হোৱাটো সম্ভৱ।
 বোধিসত্ত্বই তপশ্চৰ্য্যা আৰম্ভ কৰাৰ সময়ত এই তিনিটা উপমা ভাবি

উলিয়াইছিল, যি শ্ৰমণ আৰু ব্ৰাহ্মণে যাগ-যজ্ঞ কৰি সন্তুষ্ট থাকে আৰু