পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/১৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তপশ্চৰ্য্যা আৰু তত্ত্ববােধ
১০৯
 

এৰি বোধিসত্ত্ব উদ্দকৰ ওচৰলৈ গল; কিন্তু তেওঁৰ মাৰ্গতো বোধিসত্ত্বই বিশেষ তথ্য দেখিবলৈ নাপালে। গতিকে তেওঁ ৰাজগৃহলৈ গৈ তাত প্ৰসিদ্ধ শ্ৰমণ পন্থৰ তত্ব-জ্ঞান লাভ কৰিবলৈ থিৰ কৰিলে।

 বিম্বিসাৰ ৰজাৰ লগত সাক্ষাৎ—এজন অজ্ঞাতনামা কবিয়ে ‘সুত্তনিপাত’ৰ পব্বজা সুত্তত বোধিসত্ত্বৰ ৰাজগৃহ-আগমন সম্বন্ধে বৰ্ণনা কৰিছে। তাৰ ভাঙনি তলত দিয়া হল—
 (১) চক্ষুষ্মন্তই (বোধিসত্ত্বই) কিয় প্ৰব্ৰজ্যা ললে আৰু কিয় তেওঁৰ ইয়াত ৰুচি হল তাক উল্লেখ কৰি মই তেওঁৰ) প্ৰব্ৰজ্যাৰ বৰ্ণনা কৰোঁ।
 (২) গৃহস্থাশ্ৰম বাধাযুক্ত আৰু আৱৰ্জ্জনাৰে ভৰা কিন্তু প্ৰব্ৰজ্যা মুকলি বতাহ, তাকে গম পাই তেওঁ প্ৰব্ৰজ্যা গ্ৰহণ কৰে।
 (৩) প্ৰব্ৰজ্যা গ্ৰহণ কৰি তেওঁ শাৰীৰিক পাপ-কৰ্ম্ম বৰ্জ্জন কৰে, বাচনিক দুৰ্ব্যৱহাৰ পৰিহাৰ কৰে আৰু শুদ্ধ পথেৰে নিজৰ জীৱিকা নিৰ্ব্বাহ কৰে।
 (৪) বুদ্ধ মগধৰ গিৰিব্ৰজলৈ (ৰাজগৃহলৈ) আহে। সমগ্ৰ শৰীৰতে উত্তম লক্ষণযুক্ত সেই বুদ্ধই ভিক্ষাটনৰ বাবে ৰাজগৃহত প্ৰৱেশ কৰে।
 (৫) নিজৰ প্ৰাসাদৰ ওপৰৰ পৰা বিম্বিসাৰে তেওঁক দেখা পায়। তেওঁৰ লক্ষণ-শ্ৰীবোৰ দেখি বিম্বিসাৰে কয়—
 (৬) ‘হেৰি,মোৰ কথা শুনক—এওঁ সুন্দৰ, ভৱ্য, শুদ্ধ আৰু আচাৰ- সম্পন্ন। তেওঁ নিজৰ ভৰিৰ তলৰ দুহাতৰ অন্তৰলৈ দৃষ্টি ৰাখি খোজ কাঢ়ে : (যুগমত্তং চ পেক্‌খতি)।
 (৭) নিজৰ ভৰিৰ ওচৰলৈ দৃষ্টি ৰাখি চলোঁতা এই জাগ্ৰত ভিক্ষুজনক নীচ কুলৰ যেন নালাগে। তেওঁ কলৈনো যায়, ৰাজদূতক ততাতৈয়াকৈ পঠাই দি চাই আহিবলৈ দিয়ক।'
 (৮) সেই ভিক্ষুজন (বোধিসত্ত্ব) কলৈ যায় আৰু ক’ত থাকে তাক