পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/১৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৮
ভগৱান বুদ্ধ
 

কালাম ক্ষত্ৰিয়সকলৰ কেসপুত্ত নগৰৰ উল্লেখ পোৱা যায়। তাৰ পৰা আলাৰ কালাম তেওঁলোকৰ মাজৰে এজন আছিল বুলি জনা যায়। আমি আগতে কৈ আহিছোঁহক যে আলাৰ কালামৰ অন্যতম শিষ্য ভৰণ্ডু কালামৰ আশ্ৰম কপিলৱস্তুত আছিল। তেওঁৰ দ্বিতীয় এজন শিষ্য (হয়তো আৰু অধিকো হব পাৰে) উদ্দক কোলিয় দেশত ৰামপুত্তৰ শিষ্যৰ ওচৰত থাকিছিল আৰু শাক্য আৰু কোলিয় দেশত যে এই সম্প্ৰদাযৰ বিশেষ প্ৰতিপত্তি আছিল সেই সম্বন্ধে কোনো সন্দেহ নাই। বোধিসত্ত্বই এই পৰিব্ৰাজক সকলৰ পৰাই প্ৰথম ধ্যানৰ পদ্ধতি শিকিছিল আৰু তেওঁলোকেই চাগৈ তেওঁক সন্ন্যাসৰ দীক্ষা দিছিল।
 কিন্তু বোধিসত্বই শাক্য অথবা কোলিয় দেশৰ কোনো আশ্ৰমতে সময় কটোৱাটো উচিত বুলি বিবেচনা নকৰিলে। হিতকাৰী মাৰ্গ আৰু শ্ৰেষ্ঠ, লোকোত্তৰ, শান্তি তত্ত্বৰ উপলব্ধি কৰি লোৱাৰ উদ্দেশ্যে তেওঁ স্বয়ং আলাৰ কালামৰ লগত সাক্ষাৎ কৰিলে। তেওঁ বোধিসত্ত্বক চাৰিটা ধ্যান আৰু তাৰ তিনিটা সোপান সম্বন্ধে শিক্ষা দিলে। কিন্তু অকল সমাধিৰ এই সাতোটা সোপান শিকি তেওঁ সন্তুষ্ট হব নোৱাৰিলে। অৱশ্যে ই মনোনিগ্ৰহৰ মাৰ্গ আছিল সঁচা, কিন্তু তাৰ দ্বাৰা সমগ্ৰ মানৱ জাতিৰ কি লাভ হব? গতিকে বোধিসত্ত্বই হিতকাৰী মাৰ্গৰ। অন্বেষণত আৰু আগ বাঢ়িল।

 উদ্দক ৰামপুৰ লগত সাক্ষাৎ—আলাৰ কালাম আৰু উদ্দক ৰামপুত্ত দুয়োৱে একে ধৰণৰ সমাধি মাৰ্গৰ শিক্ষা দিছিল। তেওঁলোকৰ মাজত প্ৰভেদ ইমানেই আছিল যে আলাৰ কালামে সমাধিৰ সাতোটা সোপান সম্বন্ধে শিক্ষা দিছিল আৰু উদ্দক ৰামপুত্তই শিকাইছিল আঠোটা সোপানৰ কথা। বোধহয় এওঁলোক দুয়োৰে গুৰু একে জনাই আছিল আৰু পিচত উভয়ে নিজৰ নি্জ‌ৰ দুটা পন্থ কৰিছিল। আলাৰ কালামক