পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/১৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৪
ভগৱান বুদ্ধ
 

ছন্ন অমাত্য, কালুদায়ি (কালা উদায়ি) অমাত্য, কন্থক অশ্বৰাজা, ( বুদ্ধগয়াৰ) মহাবােধি বৃক্ষ আৰু চাৰিটা নিধিকুম্ভী ( ধনেৰে ভৰা কলহ) উৎপন্ন হল। ইয়াৰে বােধি বৃক্ষ আৰু ধনৰ কলহ সেই সময়ত উৎপন্ন হােৱাটো উপকথা বুলি ধৰি লব লাগিব। কিন্তু বােধিসত্ত্ব ৰাহলমাতা, ছন্ন আৰু কালা উদায়িৰ যদি একে সময়তে জন্ম হৈছিল তেন্তে আমি তেওঁলােকক সমান বয়সৰ বুলি ধৰি লব পাৰােহঁক। ৰাহুলমাতাৰ পৰলােক প্রাপ্তি বােধহয় ৭৮ বছৰ বযসত অথবা বুদ্ধৰ পৰিনিৰ্ব্বাণৰ দুবছৰৰ আগতে হৈছিল। অপদানত (৫৮৪) তেওঁ কয় :

অট্‌ঠসত্ততিৱস্‌সাহং পচ্ছিমো ৱত্তত্তি ভৱাে ।


   


পােহায় ৱো গমিস্‌সামি কতম্মে সৰণমত্তননো॥

অর্থাৎ ‘আজি মােৰ আঠসত্তৰ বছৰ বয়স হল। এয়ে মােৰ অন্তিম জন্ম। মই আপােনাক এৰি থৈ গুচি যাম। মই নিজৰ মুক্তি লাভ কৰিছোঁ।’

 এই অন্তিম জন্মত তেওঁ নিজে শাক্য-কুলত জন্মলাভ কৰাৰ কথাও উল্লেখ কৰিছে, কিন্তু সেই কুলৰ বিষযে ক’তো উল্লেখ পােৱা নাযায়। অপদান-কাৰৰ মতে বােধহয় তেওঁ ভিক্ষুণী হৈ আছিল আৰু ৭৮ বছৰ বয়স হােৱাত তেওঁ বুদ্ধৰ ওচৰলৈ গৈ ওপৰত উল্লেখ কৰা উক্তি কৰিছিল। কিন্তু ভিক্ষুণী হােৱাৰ পিচত তেওঁ কিবা ধর্ম্মোপদেশ দিয়া বুলি নাইবা বৌদ্ধ-সংঘৰ লগত কোনো প্রকাৰৰ কিবা সম্পৰ্ক ৰখা বুলি কোনাে প্রমাণ পােৱা নাযায়। গতিকে তেওঁ সঁচাকৈয়ে ভিক্ষুণী হৈছিল নে নাই তাক খাটাং ভাৱে কোৱা টান। অপদান গ্ৰন্থত তেওঁৰ নাম যশােধৰা আৰু ‘ললিতৱিন্তৰ’ত গােপা দিয়া হৈছে। গতিকে তেওঁৰ প্রকৃত নাম কোনটো, নে দুয়ােটাই তেওঁৰ নাম আছিল, তাকো বুজিব

পৰা নাযায়।