পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/১৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
গৌতম বােধিসত্ত্ব
১০৩
 


মুখ্য কাৰণ আছিল শাক্য আৰু কোলিয়সকলৰ মাজত চলা যুঁজ-বাগৰ এই কথাৰ প্ৰতি ভালদৰে লক্ষ্য কৰিলে পিচলৈ বােধিসত্ত্বই বুদ্ধ হৈ সন্ধান পােৱা মধ্যম মার্গৰ অৰ্থ ভালদৰে বুজা যায়।

ৰাহুল কুমাৰ- যুৱাৱস্থাতে যে বােধিসত্ত্বৰ বিয়া হৈছিল আৰু গৃহ-ত্যাগ কৰাৰ আগতে যে তেওঁৰ ৰাহুল নামৰ এটি লৰা উপজিছিল সেই সম্বন্ধে ‘ত্রিপিটক’ৰ ভালেমান ঠাইত উল্লেখ পােৱা যায়। জাতকৰ নিদান-কথাৰ মতে ৰাহুল কুমাৰৰ জন্ম হােৱাৰ দিনা ৰাতিয়ে বােধিসত্ত্বই গৃহ-ত্যাগ কৰে। কিন্তু আন আন অট্‌ঠকথাকাৰৰ মতে ৰাহুল কুমাৰৰ জন্ম হােৱাৰ সপ্তম দিনা বােধিসত্ত্বই গৃহ-ত্যাগ কৰে। কিন্তু প্রাচীন সাহিত্যত হলে ক’তো এই দুটা কথাৰ উল্লেখ পােৱা নাযায়। এইটো হলে নিশ্চিত যে বােধিসত্ত্বই গৃহ-ত্যাগ কৰাৰ আগতে ৰাহুল নামৰ তেওঁৰ এটি লৰা আছিল। গৌতম বােধিসত্ত্ব বুদ্ধ হৈ কপিলৱস্তুলৈ উভতি গৈছিল আৰু তেতিয়া তেওঁ ৰাহুলক দীক্ষা দিছিল—এনে বর্ণনা ‘মহাৱগ্‌গ’ আৰু আন আন পুথিত পােৱা যায়। অট্‌ঠকথাৰ ভালেমান ঠাইত কোৱা হৈছে যে সেই সময়ত ৰাহুলৰ বয়স সাত বছৰ হৈছিল। ভগৱানে ৰাহুলক শ্রামণেৰ কৰিছিলনে নাই আৰু সেই সময়ত তেওঁৰ বয়স কিমান হৈছিল আদি কথাৰ আলােচনা ষষ্ঠ অধ্যায়ত কৰা হব, কিয়নাে ভিক্ষু সংঘৰ লগতহে শ্রামণেৰৰ সম্পর্ক।

ৰাহুলমাতা দেৱী-ৰাহুলৰ মাকক ‘মহাৱগ্‌গ’ আৰু ‘জাতক অট্‌ঠকথা’ৰ সকলাে ঠাইতে ‘ৰাহুলমাতা দেৱী’ বুলি উল্লেখ কৰা হৈছে। অকল অপদান-গ্রন্থতহে তেওঁৰ (যশােধৰা) নাম পােৱা যায়। ‘জাতক’ৰ ‘নিদান কথা’ত এই বুলি কোৱা হৈছে: ‘যি সময়ত আমাৰ বােধিসত্ত্বই লুম্বিনী বনত জন্ম ললে সেই সময়তে ৰাহলমাতা দেৱী,