এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৮
ভক্তি-ৰত্নাৱলী
বুলিবাহা যাৰা সবে কুশলক চায়।
অসন্তৰ সঙ্গ যেন এৰে সমুদায়॥৩১৯॥
সেহি মতে সন্তসঙ্গো লাগয় ভজিতে।
নকৰি সংশয় শুন৷ স্থিৰ কৰি চিত্তে॥
কৰয় প্ৰসঙ্গ যিটো মহন্ত সবৰ।
পাইলে মুকুতিৰ সিটো মেলান দুৱাৰ॥৩২০॥
অসাধুৰ সঙ্গৰ সুদৃঢ় পাশ-জড়ী।
বান্ধয় জীৱক অতি জৰপুৰ কৰি॥
এতেকেসে জ্ঞানী গণে কৰিয়া বিচাৰ।
এড়িয়া দুঃসঙ্গ সাধু সঙ্গ কৰে সাৰ॥৩২১॥
প্ৰসঙ্গত মহন্তৰ দেখায়া লক্ষণ।
এহি অৰ্থে কহোঁ শুনা কপিল বচন॥
কপিল বদতি দেৱহুতি শুনিয়োক।
আমাক একান্ত চিত্তে ভজে যিটো লোক॥৩২২॥
তাহাৰা সবৰ কৰে৷ লক্ষণ বিদিত।
সবাৰো সুহৃদ মহা কাৰুণিক চিত্ত॥
ক্ষমাশীল শান্ত সাধু সুশীল ভূষণ।
তাসম্বাৰ শত্ৰু কৈতো নাহি উতপন॥৩২৩॥
নিষ্কামে ভকতি মোত কৰন্ত একান্তে।
মোক ত্যজি নভজন্ত আনক প্ৰাণান্তে॥
সুহৃদ বান্ধৱ ধন জন কৰ্ম্ম যত।
মোৰ প্ৰীতি অৰ্থে সবে ত্যজন্ত সমস্ত॥৩২৪॥