সমললৈ যাওক

পৃষ্ঠা:ভক্তি-ৰত্নাৱলী.pdf/২৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪১
দ্বাদশ বিৰচন

হেন জানি জ্ঞানত কৰ্ম্মত নিদি চিত্ত।
মোতেসে কেৱলে মাত্ৰ কৰিবা সখিত্ব॥১১৩১॥
নিবৰ্ত্তিব এতেকে অনৰ্থ আছে যত।
হৈব অতি কৃতকৃত্য মোৰ প্ৰসাদত॥
থৈলোহো সংহৰি বাক্য ঋষভদেৱৰ।
ভৈল সমাপতি বিৰচন সখিত্বৰ॥১১৩২॥

দ্বাদশ : আত্ম-নিবেদন বিৰচন

পদ

আত অনন্তৰে আৰো শুনা বিৰচন।
আত্ম-নিবেদন ভক্তি কৰো নিৰূপণ॥
অৰ্পিলেক দেহ যিটো কৃষ্ণক সাক্ষাত।
হোৱয় কৃতাৰ্থ অতি কৃষ্ণৰ কৃপাত॥১১৩৩॥
সবৰ্ব পুৰুষাৰ্থ সিদ্ধি হৱে সিজনৰ।
লৈয়োক ইহাৰ সাক্ষী বচনে কৃষ্ণৰ॥

ভঃ ৰঃ ১৬