সমললৈ যাওক

পৃষ্ঠা:ভক্তি-ৰত্নাৱলী.pdf/২২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৫
সপ্তম বিৰচন

এহি মতে অনু- ক্ষণে অচ্যুতৰ,
 ভজন্ত পদ কমল।
দুৰ্ব্বাসনা আদি, কৰিয়া যতেক,
 গুচয় চিত্তৰ মল॥
সপ্ৰেম ভকতি, মিলে বিৰকতি,
 দেহ গেহ সমস্তত।
ঈশ্বৰ স্বৰূপ, হোৱয় প্ৰকাশ,
 নিশ্চল শুদ্ধ মনত॥১০৫৯॥
জ্ঞান আদি কৰি, যত মহা গুণ,
 উপজে আসি হিয়াত।
পৰম শান্তিক, পাছে অপ্ৰয়াসে,
 ভকতে পাৱে সাক্ষাত॥
ইহ পৰ লোকে, হোৱয় কৃতাৰ্থ,
 মাধৱৰ প্ৰসাদত।
ভগৱন্ত পদ, সেৱা বিৰচন,
 এহি মানে সমাপত॥১০৬০॥
নমো নমো কৃষ্ণ, কৰুণা সাগৰ,
 কৰিয়ো কৃপা আমাক।
যেই সেই অৱ- স্থাতে মোৰ মনে,
 নেৰোক সদা তোমাক॥
মই অধমৰ, অহঙ্কাৰ আদি,
 গুচায়ো মায়া বন্ধন।

ভঃ ৰঃ ১৫