এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০৫
সপ্তম বিৰচন
দেখাওঁ প্ৰমাণ ব্ৰহ্মা আদিৰ বচনে।
দৈৱকীৰ গৰ্ভ লক্ষ কৰি দেৱগণে॥৯৫৮॥
কৃতাঞ্জলি হুয়া সবে বোলন্ত সাদৰি।
শুনিয়োক কমললোচন দেৱহৰি॥
সমস্ত জীৱৰ তুমি পৰম আশ্ৰয়।
তোমাত একান্ত চিত্ত দিয়া অতিশয়॥৯৫৯॥৷
তযু পাদপদ্ম মহা নৌকা কৰি সাৰ।
গোখোজ সমান কৰি তৰয় সংসাৰ॥
ব্ৰহ্মাদিৰ বচন থৈলোহো এহি মান।
বুলিবাহা যাৱত নুপজে তত্ত্বজ্ঞান॥৯৬০॥
ভগৱন্ত পাদপদ্ম সেৱা মাত্ৰকতে।
সংসাৰ-সাগৰ নৰে তৰিব কিমতে॥
সত্য প্ৰশ্ন শুনিয়ো উত্তৰ যেন নয়।
হৰিপদ সেৱাতেসে জ্ঞানৰ উদয়॥৯৬১॥
ব্ৰহ্মাৰ বচনে সাক্ষী লৈয়োক সাক্ষাত।
কৰন্ত কৃষ্ণক স্তুতি কৰি যোৰ হাত॥
যদ্যপি জ্ঞানৰ আছে সাধন বিস্তৰ।
তথাপি তোমাৰ দুই পদ-পঙ্কজৰ॥৯৬২॥
এক প্ৰদেশৰ প্ৰসাদৰ এক লেশ।
দিয়া যাক অনুগ্ৰহ কৰা ঋষীকেশ॥
সি সি জনে জানে তযু মহিমাৰ তত্ত্ব।
তৰে অনায়াসে তৱে ইটো সংসাৰত॥৯৬৩॥