সমললৈ যাওক

পৃষ্ঠা:ভক্তি-ৰত্নাৱলী.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
ভক্তি-ৰত্নাৱলী

ভকতিৰ আগে, বিষয়ৰ সুখ,
 তুচ্ছ হৈব কোন কথা॥
সদা ভক্তি সুখ, সহিতে বৈকুণ্ঠ,
 ঐশ্বৰ্য্য সমে মুকুতি।
একান্ত ভকতে, পাৱে আন জনে,
 নপাৱে শুনা যুগুতি॥৬৯॥
ইহ পৰলোক, সুখ ধন জন,
 ভাৰ্য্যা পুত্ৰ গৃহ দেহ।
সমস্তকে ত্যজি, অনন্য ভকতি,
 ভজি মোত কৰে স্নেহ॥
তাত পৰে মোৰ, মহা প্ৰিয়তম,
 ভকত নাহি আমাৰ।
ভকতি মুকুতি, ভকতক দিয়া,
 কৰো সংসাৰৰ পাৰ॥৭০॥
অনেক নিৰ্ব্বাণ, পদ আদি দান,
 দেওঁ মই নিষ্ঠে নিষ্ঠ।
মুমুক্ষু ভকত, জনত কৰিয়া,
 বেৱল ভক্ত গৰিষ্ঠ॥
হেন জানি সবে, ভজিয়ো কৃষ্ণক,
 ত্যজিয়া সমস্ত কাম।
মুৰুখ মাধৱে, কহে নিৰন্তৰে,
 ডাকি বোলা ৰাম ৰাম॥৭১॥