সমললৈ যাওক

পৃষ্ঠা:ভক্তি-ৰত্নাৱলী.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
ভক্তি-ৰত্নাৱলী

স্বৰ্গাদিৰ যেন, হৈবেক বিনাশ,
 বৈকুণ্ঠৰ ভোগ যত॥৬৩॥
ইটো কুনিৰ্বন্ধ, শঙ্কা পৰিহৰি,
 শুনিয়ো উত্তৰ তাৰ।
সিটো শুদ্ধ সত্ব, বৈকুণ্ঠ লোকত,
 মায়াৰ নাহি সঞ্চাৰ॥
পৰম দুৰ্ঘোৰ, কাল চক্ৰ মোৰ,
 পৰক গিলিবে লাগি।
নাহি নিদ্ৰা লেশ, নকৰে নিমেষ,
 সৰ্ব্বদায়ে থাকে জাগি॥৬৪॥
প্ৰিয় আত্মা গুৰু, সখা ইষ্টদেৱ,
 বুলি মোক সৰ্ব্বভাৱে।
ভজে যিটো তাক, সটো কালে আৰ,
 আখিও মেলি নচাৱে॥
এতেকে বৈকুণ্ঠ, লোকত যতেক,
 ভকত আছে আমাৰ।
জানা কদাচিতো, নুহি ভোগে হীন,
 কহিলোহো সাবে সাৰ॥৬৫॥
কহিলোহো যত, প্ৰকৰণ অৰ্থ,
 বিচাৰি কৰা নিৰ্ণয়।
প্ৰথমে কামনা, কৰি যিটো আসি,
 ভকতিত প্ৰবৰ্ত্তয়॥