সমললৈ যাওক

পৃষ্ঠা:ভক্তি-ৰত্নাৱলী.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
প্ৰথম বিৰচন

এহিমতে মহে  -শ্বৰ দৰশন,
 সুখ মুকুতিত নাই।
মোক্ষৰ আনন্দ, যিটো আত্ম সুখ,
 ভকতিত সুখে পাই॥
পৰম সুন্দৰ, মহা মনোহৰ,
 কৃষ্ণৰ অঙ্গ যতেক।
মন ইন্দ্ৰিয়ৰ, বৃত্তি নিৰন্তৰ
 হৰয় দেখি প্ৰত্যেক॥৬১॥
ভকতি সুখত, কৰি অল্প দেখি,
 ভকতে তাক নচাৱে।
তথাপিতো যিটো, সুখ মোক্ষ পদ,
 ভকতি আনি মিলাৱে॥
অবিদ্যা নিবৃত্তি, ভৈলে অনন্তৰে,
 যতেক ঐশ্বৰ্য্য আছে।
বৈকুণ্ঠ সম্পত্তি, সমন্বিতে আসি,
 ভ্ৰমে ভকতৰ পাছে॥৬২॥
ভকতে যদ্যপি, নবাঞ্ছে তথাপি,
 ভকতিৰ মহা বলে।
বৈকুণ্ঠ লোকত, মহা ভোগ যত,
 ভকতে পাৱে সকলে॥
বুলিবা বৈকুণ্ঠ, লোকৰ ভিতৰ,
 যেবে ভৈলা স্বৰূপত।