পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৯
হাদিৰাচকীৰ পৰা গণপৰিষদলৈ

আৰু ৰজাৰ কাৰ্য্যত অনাস্থা ব্যক্ত কৰিব অসমীয়া পোহাৰীয়েেও ভালকৈ জানিছিল।

  বিদেশীয়ে আহি অসমত টিিঘিল-ঘিলাই অসমীয়াৰ ওপৰত আধিপত্য কৰি ফুৰিব তাক আমাৰ মানুহে সমূলি সহিব নোৱাৰিছিল। উদয়াদিত্য সিংহ স্বৰ্গদেৱৰ দিনত পৰমানন্দ নামে এজন বৃন্দাবন-গকুলপুৰৰ সন্ন্যাসীয়ে ৰজাৰ ওপৰত বিশেষ প্ৰভাৱ বিস্তাৰ কৰে। ৰজাই সন্ন্যাসীৰ কথাত মুগ্ধ হৈ অসমৰ বৈষ্ণৱ-মহন্ত জনচেৰেকক সন্ন্যাসীৰ শিষ্য কৰাবৰ নিমিত্তে ধৰি আনি বন্দী কৰি থলে। ৰজাঘৰত বিদেশীৰ এনে প্ৰভুত্ব দেখি মকাজান মহন্তৰ সেৱক ডেবৰা হাজৰিকাই উদয়াদিত্য সিংহক ৰজা ভাঙি ভায়েক ৰামধ্বজসিংহক ৰজা পাতিলে, আৰু উদয়াদিত্যক বধ কৰি সন্ন্যাসীকো মাৰি শটো পানীত ভুৰ বান্ধি উটুৱাই দিলে।

  পাছলৈ ডেবেৰাই বৰবৰুৱাৰ পদ পাই ভালেমান কোঁৱৰ আৰু বিষয়াক হত্যা কৰিলে, আৰ স্ব-ইচ্ছাৰে ৰজা আৰু বিষয়া ভঙা-পতা কৰিবলৈ ধৰিলে। এই কথা শুনি গুৱাহটিীয়া বিষয়াসকলে উজনিলৈ গৈ ডেবেৰা আৰু তেওঁৰ লগৰ মানুহক বধ কৰি সুশাসনৰ প্ৰৱৰ্ত্তন কৰিলে।

  ইয়াৰ বছৰচেৰেকৰ পাছত গুৱাহাটীত লালুকসোলা বৰফুকনে বিনাযুদ্ধে গুৱাহাটী-কামৰূপ ৰাজ্য মোগলক এৰি দিলে, আৰু পৰ্ব্বতীয়া ৰজা, আতন বুঢ়াগোহাঁই আৰু জয়মতী কুঁৱৰীক হত্যা কৰি নিজে অসমৰাজ্যৰ স্বয়ম্ভু-ঈশ্বৰ হোৱাদি হ’ল। লালুকৰ উৎপীড়ন চৰি অহাত নগঞা শইকীয়া ভোটাই ডেকা শইকীয়াই কিছুমান মানুহেৰে মিলি লালুক বৰফুকনক ৰাতি ঘৰতে খুচি মাৰিলে। তাৰ পাছত ডাঙৰীয়া-