কৰিলে। তাতে ডাঙৰীয়াসকলে দুখ কৰিলে, বোলে,-“বুপা-পুথাওৰ দিনত এনে কথা হোৱা নাই। এতিয়া হ'বলৈ কেলৈ দিম, কাকো শুদায়ে নেৰোঁ।” এই বুলি ডাঙৰীসকলে চুব্মফা ৰজাক ভাঙি ভায়েক ঠানুৱা গোহাঁইক ৰজা পাতিলে। ভগা ৰজাৰ অপৰাধ আছিল যে তেওঁ কুঁৱৰীৰ অন্যায় প্ৰস্তাৱক সমৰ্থন কৰিছিল।
এই ঠানুৱা গোহাঁই বা নৰিয়া ৰজাৰ পুতেক কুকুৰেখোৱা গোহাঁয়ে মানুহৰ ওপৰত অত্যাচাৰ কৰি ফুৰিছিল। গৰ্ভৱতী স্ত্ৰীক দেখিলে ধৰি আনি কুকুৰৰ হতুৱাই গৰ্ভ ফলাই ল’ৰা চাইছিল, অন্য স্ত্ৰীক ধৰি আনি জাতি ভ্ৰষ্ট কৰিছিল। দঁতুৱা মানুহ দেখিলে কটাৰিৰ নাল দিব লাগে বুলি দাঁত কাটি লৈছিল, অন্য তিৰোতাৰ দেহৰ অংশকাটি নি নিজৰ তিৰোতাক দিছিল, ফুকনবোৰৰ দোলাত কুকুৰ তুলি পহু মাৰিবলৈ গৈছিল, আৰু ফুকনবোৰে সাজ খাবলৈ গলে চৰাইলৈ বুলি গালৈ বাটলু গুটি মাৰিছিল। এই অত্যাচাৰ সহিব নোৱাৰি ডাঙ্গৰীয়া বিষয়াসকলে নৰিয়া ৰজাক সিংহাসনৰপৰা গুচালে, আৰু কুকুৰেখোৱা গোহাঁইক বিচাৰি উলিয়াই আনি মাক-পুতেক দুয়োকো ৰাজহাটত মাৰি মাকৰ বুকুত পুতেকক দি পুতি থলেনি।
মীৰজুমলা নবাবে অসম আক্ৰমণ কৰাৰ সমৰত জয়ধ্বজসিংহ স্বৰ্গদেৱ গড়গাৱৰপৰা পলাই নামৰূপত আশ্ৰয় ল’লেগৈ। বাটত যাওঁতে দলৌগুৰিৰ আলিত পোহাৰীয়ে ৰজাক ধিক্কাৰ দি কৈছিল,— “স্বৰ্গদেৱ, তুমি ৰং-আনন্দতহে মন দিলা। এই পোন্ধৰ বছৰে যদি দিব লগা ঠাইত পোন্ধৰ চপৰা মাৰ্টি দিলাহেঁতেন তোমাৰ কিয় এনে অৱস্থা হ'ব? আমাক ক'ত এৰি যোৱা?” বিলাস-বিভ্ৰান্ত ৰজাৰ ৰাজ্য-ৰক্ষাৰ ব্যৱস্থাৰ প্ৰতি উদাসীনতাৰ তীব্ৰ সমালোচনা কৰিবলৈ