পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪১
সাহিত্যৰ সমস্যা

 অভিজ্ঞতাৰ ওপৰত প্ৰতিষ্ঠিত হ’লেও সাহিত্য বাস্তৱতে অভিজ্ঞতাৰ কেটেলগ্ বা যাদুঘৰ নহয়। নিৰ্ব্বাচন-কৌশল, কল্পনা আৰু ৰীতিৰ সহায়েৰে অভিজ্ঞতাৰ কেঁচা সঁজুলি গঢ়ি-পিটি ল’লেহে প্ৰকৃত সাহিত্যৰ সৃষ্টি হয়। মহাকবি গ্যঠেই কৈছিল যে, সকলো বিষয়তে কবিত্ব আছে, উলিয়াই ল’ব পাৰিলেই হয়। এই কথাটোত যে এট্য গভীৰ সত্য লুকাই আছে সেই বিষয়ে সন্দেহ নাই; প্ৰতিভাৰ অসাধ্য একো নাই। তথাপি সাহিত্যৰ বুৰঞ্জী আলোচনা কৰিলে দেখা যায় যে সামাজিক আৰু জাতীয় অভিজ্ঞতা গোটেই জীৱনৰ অভিজ্ঞতা-ব্যাপক, বিস্তীৰ্ণ আৰু বৈচিত্ৰ্যপূৰ্ণ হ’লেহে আহল-বহল সাহিত্যৰ সৃষ্টি আৰু বিকাশ হয়। আমাৰ সাহিত্যৰ উন্নতিও যে অকল লেখকসকলৰ ব্যক্তিগত সাধনাৰ ওপৰত নিৰ্ভৰ কৰিছে এনে নহয়, আমাৰ সমাজো শিক্ষা-দীক্ষা, শ্ৰম- শিল্প, আৰ্থিক প্ৰগতি সকলো বিঘৰতে আগ বাঢ়ি সাহিত্যৰ যোগান ধৰিব পৰা হব লাগিব। সাহিত্য আৰু সমাজ এটা ঘনিষ্ঠ সম্বন্ধত পৰ- স্পৰ সংশ্লিষ্ট হৈ আছে। সাহিত্যহীন সমাজ পঙ্গু, বৰ্ব্বৰ আৰু সমাজৰ লগত সম্পৰ্ক নথকা সাহিত্য ক্ষীণ আৰু দুৰ্ব্বল।

 উচ্চ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত জীৱন-ব্যাপী সাধনা নহ’লে ওখ খাপৰ সাহিত্যৰ সৃষ্টি হোৱা টান। আমাৰ মাজত ব্যক্তিগত সাধনাৰ অভাৱ অকল সাহিত্যতে নহয় জীৱনৰ সকলো ক্ষেত্ৰতে দেখা যায়। সাহিত্যৰ ক্ষেত্ৰত ইয়াৰ ফল অতি শোচনীয় হৈছে। অলপ মন কৰিলে দেখা যায় যে, আমাৰ প্ৰায়বিলাক লেখকেই তৰুণ অথবা প্ৰায়বিলাক ৰচনা লেখকসকলৰ তৰণ অৱস্থাত লিখা। তৰুণৰ সাহিত্য-সেৱা অতি প্ৰশংসনীয় আৰু প্ৰয়োজনীয়। কিন্তু যি বয়সত মানুহৰ চিন্তা পূৰঠ নহয় আৰু অভিজ্ঞতা নহয় তাৰ আগতে সাহিত্য সেৱাৰ ওৰ পৰিলে