পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪০
শ্ৰীকৃষ্ণকান্ত সন্দিকৈ

চিত্ৰকলাৰ অনুশীলন লাগে আৰু চিত্ৰ-সংৰক্ষণৰ কাৰণে মিউজিয়াম লাগে। তেহে এইবিলাক বিষয়ত অভিজ্ঞতা জন্মি সাহিত্যক সঁজুলি দিব পাৰে। এইবিলাক বিষয়ত আমাৰ অভিজ্ঞতা কিমান ঠেক, তাক আমি সকলোৱে জানো। আন ক্ষেত্ৰতো যে আমাৰ অভিজ্ঞতা বৰ বেছি তেনে কথা ক’ব নোৱাৰি।

 ব্যক্তিগত অভিজ্ঞতাব সামান্য এটা নিদৰ্শন ভ্ৰমণেও সাহিত্যক আহিলা-পাতি দিছে। ফৰাছী সাহিত্যৰ বৰ সৌভাগ্য যে, ইটালীৰ হৈও মাৰ্ক-প’লই ত্ৰয়োদশ শতিকাৰ শেষ ভাগত তেওঁৰ বিশ্ববিখ্যাত ভ্ৰমণ-কাহিনী ফৰাচী ভাষাত লিখিছিল। পৰ্ব্বতে-প্ৰান্তৰে, দ্বীপ- দ্বীপান্তৰে বনাই ফুৰি ভগ্নস্বাস্থ্য ষ্টিভেন্‌ছনে ইংৰাজী সাহিত্যৰ ভঁৰাল গদ্যেৰে চহকী কৰি গৈছে। এই অনুপাতে ফৰাচী সাহিত্যত পিয়েৰ লোটিৰ দানো কম মূল্যৱান নহয়। কাৰাবাস ব্যক্তিগত অভিজ্ঞতাৰ আৰু এটা অতি সাধাৰণ নিদৰ্শন। কিন্তু ষষ্ঠ শতিকাৰ বয়েগিয়েছৰপৰা আৰম্ভ কৰি আধুনিক যুগৰ অছ্‌কাৰ ৱাইল্ডলৈকে কাৰাবাসৰ অভি- জ্ঞতাই সাহিত্যক নানা সম্ভাৰ দিছে। “মোৰ কাৰাবাস” ইটালীয় সাহিত্যৰ এখন প্ৰসিদ্ধ গ্ৰন্থ। ডষ্টয়েভ্‌স্কিৰ কাৰাবাসৰ বৰ্ণনা উপন্যাসৰ দৰে হৃদয়গ্ৰাহী।

 জ্ঞান, বিদ্যা, ধৰ্ম্ম, দৰ্শন, বুৰঞ্জী সমাজ সকলো অভিজ্ঞতাকে কল্পনাৰ অধীন কৰি লৈ মহাকবি দান্তেই তেওঁৰ অমৰ কাব্য লিখি ছিল। তিৰোতাৰ সাজৰপৰা দাৰ্শনিক চিন্তালৈকে মধ্যযুগৰ এনে কোনো অভিজ্ঞতা নাই যি দান্তেৰ কল্পনাৰ পৰশ পাই অভিনৱ ৰূপ লোৱা নাই। দান্তেত বিশ্বকোষ-তুল্য মহাকাব্যত বিবিধ জীৱন অভিজ্ঞতাৰ যি অপূৰ্ব্ব সমন্বয় পোৱা যায় বিশ্ব-সাহিত্যত তাৰ তুলনা নাই।