পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে
১৫
মিলাৰামৰ আত্মজীৱনী


জাই পৰাই ৰাজ-আলিত ঠাই দিলে। আৰু অনভ্যাসত কেনেবাকৈ দ্যা হত হয় বুলি আশঙ্কা কৰি, এওঁৰ হাত চৈ কৰি ৰাখিবৰ ভিপ্ৰায়ে বিদ্যানুৰাগী স্বৰ্গদেৱে এওঁৰ হাতত হাতুৰী দি আলিত ল ভাঙিবলৈ লগাই দিছিল।

  মনবৰ পণ্ডিতে ভৱলীলা সংবৰণ কৰাৰ পিছত এই পৃথিবীত এওঁৰ ভৰিৰ খোজ, পাঁচোটি পুতেক আৰু এজনী জীয়েক ৰ’ল। দ্ধিৰাম, ৰাতৰািম, বাতৰািম, কাতিবাম, ছুৱাৰাম আৰু কপাহী। হে লাহে ঈশ্বৰৰ ইচ্ছাত এই ‘ল’ৰা-পোৱালি’ পাঁচোটি আৰু ন্যা-ৰত্নফেৰি ডাঙৰ-দীঘল হৈ খুটি খাব পৰা হ'ল। লোকে ল’ৰা- ইটিৰ নাম দিলে পাঁচ পাণ্ডৱ আৰু কপাহী বোলা ছোৱালীজনীৰ ম দিলে জাম্বৱতী৷ কিন্তু কি সূত্ৰত আৰু মিল দেখি লোকে হঁতৰ নাম পাঁচ-পাণ্ডৱ আৰু ছোৱালীজনীৰ নাম জাম্বৱতী ৰাখিছিল জিব পৰা নগ'ল। পাঁচ-পাণ্ডৱ ক'ত? আৰু পাঁচ-পাণ্ডৱৰ ভনীয়েক তি দিয়া জাম্বৱতী ক’ত? হেঃ হেঃ হোঃ, হাঁহি উঠা কথা! ঋষি- নি নামৰ বুঢ়াসকলে হিন্দু শাস্ত্ৰত কয় বোলে, নাম মানুহেৰে সৈতে লে। এই কথা নেমানিি প্ৰচণ্ড প্ৰতিবাদ কৰি ক'ব লগীয়া যে, নুহহে নামেৰে সৈতে মিলে। হিন্দুশাস্ত্ৰ ঠেলি এইষাৰ কথা কোৱা বে তুমি লাগে যদি মোক খ্ৰীষ্টানকে বোলা, তাতে মান্তি আছো। চা কথাষাৰ মই নকওঁ বুলিলেও মোৰ হাড় নাইকিয়া জিভাই নকৈ ৰে। তোমাক এটা কথা এইখিনিতে কৈ থওঁ নেপাহৰিবা দেই,-- কৰি চালে দেখিবা যে ঋষি-মুনিসকলৰ কথাবোৰ বৰ লাগবান্ধ ই। তেওঁলোকৰ দিনৰ আমাৰ উপৰি পুৰুষসকলে যে তেওঁলোকৰ থাত বৰ কাণ নেপাতিছিল, তাক তেওঁলোকেও যে বুজিব নোৱাৰিছিল নে নহয়। তাৰ প্ৰমাণ, তেওঁলোকৰ ক’ব লগীয়া কথাবোৰ আমাৰ