পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে
১৬
লক্ষ্মীনাথ বেজবৰুৱা


  উপৰিপুৰুষসকলৰ আগত তেওঁলোকে কবৰ সাহ নকৰি সাঁচিপাত তালপাত আৰু ভূৰ্জপাতৰ আগত কৈ গ'ল। সাঁচিপাত প্ৰভৃতি সেই বেবেৰিবাং কথাৰ মৰ্ম বুজিব নোৱাৰি তাক উঁইপৰুৱাক কি দিলে। আৰু তাৰ পিছত সি উঁই-হাফলুৰপৰা বাল্মিকীি, বাল্মিকীৰ পৰা ৰামায়ণ। এই গোপনীয় পৰমাৰ্থৰ কথাষাৰ এইখিনিতে তোমাক কৈ থ'লোঁ।

  এইবিলাক যি হওক, অহঙ্কাৰেৰে সৈতে কোৱা উচিত, মোৰ উপৰি পুৰষসকল নাম চাই মানুহ আছিল। লোকৰ ঘৰত সিন্ধি দিয়া বিদ্যাটো অমুকৰ ঘৰৰ ল’ৰা সিদ্ধিৰামৰ যেনে আছিল, আনৰ তেনে নাছিল। পালী-প্ৰহৰীয়ে বেঢ়ি থকা ডাঙৰ লোকৰ ঘৰত সন্ধিি দিব লাগিলে মহাত্মা সিন্ধিৰাম অধ্যাপক ( Professor ) নগ’লে নহৈছিল।

  ৰাতিৰাম দৈৱিক শক্তিৰ লোক আছিল। অন্ততঃ তেওঁৰ চকুৱে শিয়াল আৰু ফেঁচাৰ নিচিনাকৈ তেওঁ এন্ধাৰতো বয়-বস্তু ফট্ ফট্ কৰে দেখিছিল। দিনতকৈ ৰাতিহে তেওঁৰ চলন-ফুৰণ সৰ্ সৰীয়া হয় পশু-শ্ৰেষ্ঠ শিয়াল আৰু পক্ষী-শ্ৰেষ্ঠ ফেঁচাৰ নিচিনাকৈ দিনত তেওঁ জুপুকা মাৰি ঘৰৰ চুকত বহি কলমাটিয়াই কটায় আৰু সন্ধ্যা লাগি আহিলেই গা-মূৰ জোকাৰি পাখি কটালি থিয় হয়। তেওঁ এই দৈৱিক শক্তি দেখি তবধ মানি অতি সন্তুষ্ট হৈ প্ৰমত্তসিংহ ৰজাই তেওঁক হাতে-ভৰিয়ে পিন্ধিবলৈ, দুডাল লোৰ শিকলি ৰাজ-প্ৰ স্বৰূপে বটা দিয়ে। এই শিকলিৰ আঙঠি এটা মোৰ ঘৰত এতিয়াও আছে। মোৰ উপৰি পুৰষৰ সোঁৱৰণি স্বৰূপে তাক গোঁসাই-ঘৰৰ টুপত থাপনা পাতি থৈ দিছোঁ। বিহুৱে-সবাহে উলিয়াই সেৱা কৰোঁ৷