পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯৯
প্ৰাক্-ঐতিহাসিক যুগ


ছোটনাগপুৰ প্ৰভৃতি ঠাইত আছে। এই অষ্ট্ৰিক শ্ৰেণীৰ মানুহবিলাককে নব্য-প্ৰস্তব যুগৰ মানুহৰ বংশধৰ বুলি কোনো কোনো পণ্ডিতে কয়।
 নব্য-প্ৰস্তব যুগৰ পিছতে তামৰ অস্ত্ৰ-শস্ত্ৰৰ ব্যৱহাৰ কৰা প্ৰমাণ পোৱা গৈছে। সেই কাৰণে, পণ্ডিতাকলে এই যুগক তাম্ৰ-যুগ নাম দিছে। ডক্টব মজুমদাৰে এই যুগৰ মানুহৰ কোনো নিৰাকৰণ হোৱা নাই বুলি লিখিছে। কিন্তু ডক্টৰ হটন্ ছাহাবে অষ্ট্ৰেলীয়া বা অষ্ট্ৰিক জাতিৰ পাছতে ভাৰতৰ যি জাতি প্ৰাধান্য লাভ কৰিছিল, সেই জাতিক ভূমধ্য-সাগৰীয় নাম দিছে। ১৯৩৩ চনৰ আসাম ৰিছাৰ্চ ছোচাইটি জৰ্ণেলত, এই ভূমধ্যসাগৰীয় জাতিকেই ভাৰতব দ্ৰাবিড়ী জাতি বুলি দেখুৱাইছিল। কিন্তু যেতিয়া ডঃ বি, এছ, 'গুহই ক'লে যে, এই জাতি আৰু পৰৱৰ্তী যুগৰ বৈদিক আৰ্যবিলাক একে সাধাৰণ মূলৰপৰা উৎপত্তি হৈছিল আৰু কিছুকালৰ মূৰত সিহঁত পৰস্পৰে বিভিন্ন হৈ গৈছিল, তেতিয়া তেওঁ পূৰ্ব্বব মত পৰিৱৰ্তন কৰি “এই জাতিক ভূমধ্যসাগৰীয় নাম নিদি আদিম আৰ্য নাম দিব পাৰি, এই মত প্ৰকাশ কৰিলে। ডঃ গুহৰ মতে বঙ্গদেশৰ পোঁদ জাতি আৰু দ্যক্ষি- ণাত্যৰ টেলেগু ব্ৰাহ্মণ, উৰিয়া ব্ৰাহ্মণ, কানাড়ী ব্ৰাহ্মণ, সাৰস্বত ব্ৰাহ্মণ, চিপ্পবান্ বাহ্মণ, আব দেশস্থ ব্ৰাহ্মণবিলাকৰ গুৰি এই জাতিয়েই। ডঃ হট ছহাব মতে ব্ৰহ্মপুত্ৰ উপত্যকাব ব্ৰাহ্মণ, কায়স্থ, কলিতা জাতিও এই ভূমধ্যসাগৰীয় জাতিৰ ভিতৰতে পৰে। সি যি হওক, আমি উপৰোক্ত পণ্ডিতসকলৰ মতৰ ওপৰতে নিৰ্ভৰ কৰি ভূমধ্যসাগৰীয় বা আদিম আৰ্য জাতিকে তাম্ৰ-যুগৰ মানুহ বুলি অনুমান কৰিলোঁ।

 ডঃ হটন্ ছাহাবৰ মতে ভূমধ্যসাগৰীয় জাতিৰ পাছতে আৰু এটা জাতি পাৰস্যৰ ফালৰপৰা আছি ভাৰত সোমায়হি। সিহঁতক তেওঁ