শস্ত্ৰ পোৱা গৈছে। আমাৰ এই অসমতো দৰং আৰু কাছাৰ জিলাত
শিলৰ কুঠাৰৰ ছটা পোৱা গৈছে। প্ৰাচীন যুগতকৈ নতুন প্ৰস্তৰ যুগৰ
অস্ত্ৰ-শস্ত্ৰ গঢ়-গতি থকা;—সেইবোৰ হৈছে শিলৰ শেল, জাঠী শৰৰ
আগ, কুঠাৰৰ ছটা, কটাৰিৰ মুখ, চক্ৰ, পটাগুটি ইত্যাদি। অনুমান
হয়, এই যুগৰপৰাই মানুহ শিলৰ অস্ত্ৰ-শস্ত্ৰ আৰু আন লাগতিয়ান বস্তু-
বাহানি সজাত অভ্যস্ত হৈ আহিছিল।
যেনেকৈ পৃথিৱীৰ ভিতৰত কোন দেশ মানৱৰ আদি জন্মভূমি ক’ব
নোৱাৰি, তেনেকৈ ভাৰতৰো আদি মানৱ কোন আছিল, সেই বিষয়তো
নানা পণ্ডিতৰ নানা মত | ইমানদিনে পণ্ডিতসকলৰ মতে দ্ৰাবিড়ী
বিলাকেই ভাৰতৰ আদিম নিৱাসী বুলি নিৰ্ধাৰিত হৈছিল। কিন্তু
আজি-কালি পণ্ডিতসকলৰ নানা সূক্ষ্ম গৱেষণা আৰু অনুসন্ধানৰ ফলত
সেই মত ক্ৰমে পৰিৱৰ্তিত হৈ আহিছে। ডক্টৰ হট্ন ছাহাবৰ মতে
ভাৰতত আদিতে নিগ্ৰো বৰণৰ এজাতি মানুহ বাস কৰিছিল। সেই
জাতি মানুহৰ অস্তিত্ব আজি-কালি আন্দামান দ্বীপবাসীত, দক্ষিণ
ভাৰতৰ কদব জাতিত আৰু পশ্চিম ভাৰতৰ উবালী জাতিত দেখা যায়।
এই অসভ্য ঘোৰ কৃষ্ণবৰ্ণ মানুহবিলাকেই ভাৰতৰ প্ৰত্ন-প্ৰস্তৰ যুগৰ মানুহ
তাত কোনো সন্দেহ নাই। এই জাতিৰ পাছত যি জাতি ভাৰতত
সোমাই নানা ঠাইত সিঁচৰতি হৈ পৰিছিল, সিহঁতক উক্ত ছাহাবে
প্ৰোটো-অস্ত্ৰেলীয় নাম দিছে। সিহঁতে ভাৰতৰ উত্তৰ-পশ্চিমেদি
আহিছিল নে, মালয় উপদ্বীপ বগাই ইণ্ড-চীন আৰু ইৰাৱতী উপত্যকা
অতিক্ৰম কৰি উত্তৰ-পূবেদি ভাৰত সোমাইছিল, সেই কথা এতিয়াও
নিশ্চয় হৈ উঠা নাই। ইহঁতৰ অষ্ট্ৰিক ভাষাৰ অস্তিত্ব আজি-কালি
হিমালয় প্ৰদেশৰ কোনো কোনো অংশত, অসমৰ খাছিয়া পৰ্ব্বতত,
পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১০০
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯৮
সোণাৰাম চৌধুৰী
