পৃষ্ঠা:বৈষ্ণব-ৰত্ন কীৰ্ত্তন.djvu/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

পাতনি।

 পাণ্ডব-গীতাখন পাণ্ডব-পৰিয়াল, ধৃতৰাষ্ট্ৰ-পৰিয়াল, আৰু তেওঁলোকৰ পুৰোহিতাদি আত্মীয় স্বজনৰ স্ব স্ব আন্তৰিক ভাবৰ শ্ৰীকৃষ্ণ-স্তুতি। গতিকে ই শ্ৰীব্যাসদেৱ ভাষিত মহাভাৰত মহাকাব্যৰ অন্তৰ্গত। কিন্তু সময় নিৰূপণ কৰিবলৈহে বৰ টানত পৰা গৈছে। কাৰণ দুখন পুথিত দুৰকমৰ কথা দেখা যায়। আমাৰ হাতত বহুদিন আগৰে পৰা বাবু নন্দকুমাৰ শৰ্ম্মা কবিৰত্ন মহাশয়ৰ ১৭৮৬ শকত লিখা এখনি কিতাপ আছিল। তাত ইয়াৰ মূল শ্লোক বিলাক আছে। এই খনকে অৱলম্বন কৰি লিখাকাম শেষ কৰিছিলোঁ, এনেতে শ্ৰীযুত লোকনাথ শৰ্ম্মা মহাশয়ৰ লিখিত এখনি নিত্য-কৰ্ম্মৰ-পদ্ধতিতো ইয়াৰ শ্লোক বিলাক দেখা পাওঁ। মিলাই চোৱাত কোনো কোনো শ্লোকৰ আংশিক আৰু কোনোটোৰ প্ৰায় সম্পূৰ্ণ বিভিন্নতা পৰিলক্ষিত হয়, তদুপৰি স্তুতি কৰোঁতাৰ ভিতৰত গৰমিল দেখা যায়।

 কবিৰত্ন মহাশয়ৰ খনত ২৭ জনৰ স্তুতি আছে; শৰ্ম্মা মহাশয়ৰ খনত ২৪ জনৰ আছে;—শকুনি, নাৰদ, কাশীৰাজ আৰু উত্তৰা এই ৪ জনৰ নাই; কিন্তু এই খনত প্ৰথম খনৰ অতিৰিক্ত কৃতবৰ্ম্মাৰ স্তুতি আছে।

 সভাপৰ্ব্বৰ অন্তৰ্গত ৰাজসূয় সভাৰ সময়টোকে এই ঘটনাৰ সময় ঠাৱৰ কৰা যুগুত বিবেচনা হয়, কিন্তু উত্তৰলৈ মহা বিভ্ৰাট,