সমললৈ যাওক

পৃষ্ঠা:বৈষ্ণব-ৰত্ন কীৰ্ত্তন.djvu/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৷৷৵৹

কিয়নো তেতিয়াও উত্তৰাৰ সম্বন্ধৰ কাণ সাৰেই নাই, ই বিৰাট পৰ্ব্বৰ কথা।

 বিৰাট পৰ্ব্বৰ পিচতো এনে সন্মিলন দেখা নাযায়, —গতিকে আগৰ সময়টোকে ঠিকবুলি আমাৰ মনে ধৰে। অৱশ্য উত্তৰাই বিৰাটৰ ঘৰতো, বিয়াৰ পাচত স্তুতি কৰা মিছা নহব, কিয়নো শ্ৰীকৃষ্ণ তেতিয়া তালৈ আহিছিল, ৰাজসূয় যজ্ঞত শকুনি,নাৰদ আৰু কাশীৰাজ আছিল , গতিকে তেওঁলোক বাদ পৰাটোও অসম্ভব বুলি আমাৰ মনে ধৰে।

 স্তোত্ৰৰ গৰমিল বিষযে দেখা যায় যে, প্ৰথম খনৰ শকুনিৰ স্তোত্ৰটো দ্বিতীয় খনৰ শল্যত পোৱা যায়। অন্যান্য স্তোত্ৰৰ গৰমিল বিষয়ে উল্লেখ কৰা নহল, কিয়নো সি প্ৰায় সাধাৰণ অমিল। যিহক আগৰ লিখা বজাই ৰাখি নকৈ কৃত বৰ্ম্মাৰ স্তোত্ৰটো শেহত লগাই দিয়া হ'ল।

 পৰিশেষত কওঁ যে, হৰিৰ স্তুতি, ইয়াৰ সাৰ গ্ৰহণ কৰিব পৰাই ঘাই উদ্দেশ্য, ঐতিহাসিক সত্যতা লৈ এনে স্থলত মূৰ ঘামোৱাৰ সকাম নেদেখোঁ। অলমিতি বিস্তৰেণ—

বৰনগৰ
১৩|১২|২৭
ৰচোঁতা