পৃষ্ঠা:বৈষ্ণব-ৰত্ন কীৰ্ত্তন.djvu/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৩ ]


তদ্গত আত্মা যেন সদা ৰতি হয়।
নকুলেও হেন স্তুতি কৰিয়া সেৱয়॥
জলৰ কাষত কিম্বা শয়নে ভোজনে।
দিবা কিম্বা নিশা ভাগে গৃহে বা গমনে॥৬
হেন কালে হয় যদি কিঞ্চিত্‌ সুকৃতি।
তাতে যেন তুষ্ট হোৱা প্ৰভু যদুপতি॥
হেন স্তুতি কৰে, দিয়া চৰণত শিৰ।
পাণ্ডুৰ কনিষ্ঠ পুত্ৰ সহদেব বীৰ॥৭
কুন্তীৰ স্তুতিক শুনা মন স্থিৰ কৰি।
দণ্ডৱতে পৰি বোলে চৰণত ধৰি॥
স্বকৰ্মৰ ফলে মই জন্মোঁ যি যোনিত।
সুদৃঢ়া ভক্তিয়ে যেন নেৰে তৈত তৈত॥৮
পাণ্ডব গীতাৰ কথা অমৃত সমান।
শুনিলে ভনিলে লভে মহাতত্ত্ব-জ্ঞান॥
হেন জানি নৰ নাৰী এৰি আন কাম।
পাতক ছাৰোক ডাকি বোলা ৰাম ৰাম॥৯

ঘোষা

হৰিসে আতমা হৰিসে প্ৰাণ।
হৰি বিনা নাই বান্ধৱ আন॥২