পৃষ্ঠা:বৈষ্ণবী গীতা.djvu/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[৫২]

মই মহা মানী মই মহা সাধু জন।
কদাচিতো নুবুলিবা ইসব বচন॥
এহি অহঙ্কাৰ জানিবাহা মহামতি।
সিটো নৰ অৱশ্যে যাইবেক অধোগতি॥ ২৭১॥
ই-কথা থাকোক আপনাৰ চিন্তা কাজ।
হৰি ভজা মাত্ৰ এৰি মায়া মোহ লাজ॥
নিন্দিতৰ বাক্যত নকৰি অপমান।
নিন্দিয়া আপুনি হোৱে নষ্ট দুষ্ট জন॥ ২৭২॥
কৃতাঞ্জলী কৰি কহোঁ শুনা নৰ লোক।
মুৰ্খ মতি বুলি নিন্দা নকৰিবা মোক॥
যদি নিন্দা কৰা তাত নাহি নাহি কাজ।
মূৰ্খক নিন্দিয়া পণ্ডিতেও পাৱে লাজ॥ ২৭৩॥
পণ্ডিত নহঁও শাস্ত্ৰ নজানো বিস্তৰ।
তথাপি কাৰলো পদ বৈষ্ণবি গীতাৰ॥
সৰ্ব্ব সাস্ত্ৰ গুহ্য ইটো বেদান্তৰ তত্ত্ব।
আপুনি কহিলা কৃষ্ণে পাৰ্থৰ আগত॥ ২৭৪॥
জানি সাৱধানে শুনা কৰি এক মন।
ইসে পৰলোক ধন ভৱ যে তৰন॥
নমোঁ নমোঁ নাৰায়ণ জগত তাৰন।
নমোঁ নমোঁ কৃষ্ণ মই পশিলোঁ শৰণ॥ ২৭৫॥
নমোঁ নমোঁ নিৰঞ্জন নমো মহা হৰি।
মই অধমক প্ৰভু! ৰাখা দাস কৰি॥