পৃষ্ঠা:বৈষ্ণবী গীতা.djvu/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তেবে শুনিবাক শ্ৰদ্ধা হৈবে কৃষ্ণ কথা৷
তেবে হৈবে ভাগবতে ৰতি যে সৰ্ব্বথা॥২৬৫॥
তাত পাছে দেহ আত্মা বিবেক যে জ্ঞান।
তেবে হৈবে সুদৃঢ় ভকতি সাবধান॥
সুদৃঢ় ভকতি হন্তে হৈবে শুদ্ধমন।
মন শুদ্ধ হইলে পাইবাহা তত্তজ্ঞান॥ ২৬৬॥
তেবেসে তৰিবা মহা মোহ যত মায়া।
তাত পাছে হৈবেক কৃষ্ণৰ মহাদায়া॥
কৃপা ভৈলে সমস্তে দেখিবা কৃষ্ণময়।
অনুক্ৰমে তেজিলেসে তৰিবা নিশ্বয়॥ ২৬৭॥
শুনিলাহা সাধু সব ভজন ব্যবস্তা।
জানি সাধু সঙ্গ লোৱা শুনা কৃষ্ণ কথা॥
গীতা ভাগৱত বেদ পুৰানেও কয়।
জানি সাধু সঙ্গ লোৱা কহিলোঁ নিশ্বয়॥ ২৬৮॥
একাদশে উদ্ধৱত কহিলন্ত হৰি।
সাধু সঙ্গ লোৱা সখি মহা যত্ন কৰি॥
সাধু সঙ্গ লৈয়া হুয়ো একান্ত শৰণ।
সপ্তম অধ্যাত কহিলন্ত নাৰায়ণ॥২৬৯॥
সৰ্ব্ব ধৰ্ম্ম এৰি হুয়ো অনন্য শৰণ।
নকৰিবা ভয় তুমি কৰিবো ৰক্ষণ॥
এহিসে পৰম তত্ত্ব বেদ অগমৰ।
জানিয়া ভজন কহিলেহো সাৰত্তৰ॥ ২০০॥