সমললৈ যাওক

পৃষ্ঠা:বৈষ্ণবী গীতা.djvu/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ২ )

তুমি নিজ স্বামী প্ৰভু তুমি নিজ গুরু।
ভকত জনৰ প্ৰভু তুমি কলপতরু॥
এখানি গোচৰ প্ৰভূ কৰিবাক চাওঁ।
তযু চৰণত মই আজ্ঞা যদি পাওঁ॥৪॥
বৈষ্ণবী গীতাক ৰচিবাক যাই মতি।
তোমাৰ চৰণে প্ৰভু সহস্ৰ প্ৰণতি॥
পুনৰপি কৃষ্ণক মোহোৰ নমস্কাৰ।
মুৰ্খ হুয়া কৰোঁ পদ বৈষ্ণবী গীতাৰ॥৫॥
বৈষ্ণব জনক মোৰ শত নমস্কাৰ।
নিন্দা কৰি মোহোক নকৰা পৰিহাৰ॥
যদি গঙ্গা জল হোৱে কৰ্দ্দমে নিশ্ৰিত।
তথাপি কৰিতে পাৰে জগত পবিত্ৰ॥৬॥
যদি হৰি উদ্দেশে অবাক্য বাক্য হয়।
মন্ত্ৰ তন্ত্ৰ যত কৰ্ম্ম আৰ সম নয়॥
মই মূৰ্খ হেন জানি নধৰিবা দোষ।
হৰিৰ চৰিত্ৰ শুনি হুয়োক সন্তোষ॥৭॥
দ্বিজ যে বালকা নন্দে কহে সভাসদ।
বৈষ্ণবী গীতাৰ সাৱধানে শুনা পদ॥
পৰম পবিত্ৰ ইটো কৃষ্ণৰ চৰিত্ৰ।
ৰাম কৃষ্ণ বোলা পাপ গুচোক ত্বৰিত ॥৮॥
এক দিন বসি আছে সুধৰ্ম্ম সভাত।
সেইবেলা ধনঞ্জয়ে মিলিলা তবাত॥