পৃষ্ঠা:বৈষ্ণবী গীতা.djvu/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বৈষ্ণবী গীতা।

শ্ৰীকৃষ্ণায় নমঃ।

প্ৰথমে গুৰুক মই কৰো নমস্কাৰ।
যাৰ উপদেশে জ্ঞান ভৈলেক আমাৰ॥
শুদ্ধ সত্ত্ব মতি যে কৃষ্ণ ভক্তি যাৰ।
বাসুদেব ময় দেখে যতেক সংসাৰ॥১॥
ইহান চৰণে মই কৰোহু প্ৰণতি।
যাৰ উপদেশে মোৰ গুচিল দুৰ্ম্মতি॥
হেনয় গুৰুক মই হৃদয়ে ধৰিয়া।
বৈষ্ণবক প্ৰণামো পৃথিবী শিৰদিয়া॥২॥
নমো নমো নিৰঞ্জন নাৰায়ণ দেব।
তোমাৰ চৰণে কৰো লক্ষ কোটি সেব॥
তুমি নিৰঞ্জন প্ৰভু উপদেশ দাতা।
তুমি হৃদীশ্বৰ জগতৰ পিতা মাতা ॥৩॥