পৃষ্ঠা:বৈষ্ণবী গীতা.djvu/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩১)

শ্ৰবন কীৰ্ত্তন  কৰা অনুক্ষণ
 নকৰাবা মন ভঙ্গ।
ৰাত্ৰি দিন তুমি,  তিলেক নেৰিবা,
 সদা বৈষ্ণৱৰ সঙ্গ।
বৈষ্ণৱৰ সঙ্গে  আপোনাক মিলে
 তুষ্ট হোৱে সৰ্ব্ব দেৱ।
বৈষ্ণব মুখে,  আমাৰ ভোজন
 জানিবা সখি বান্ধব।
বৈষ্ণবৰ মোৰ,  নাহিকে অন্তৰ,
 শুনা সখি ধনঞ্জয়।
এহিমতে তুমি,  বৈষ্ণবক সেবা,
 কৰিবা সখি নিশ্চয়।
যুত কৰ্ম্ম ধৰ্ম্ম,  কৰা অনুক্ষণ,
 সেৱা নীতি অনুমতি।
তেবে সৰ্ব্ব কৰ্ম্ম,  সিদ্ধি হুইবেক,
 কহিলো সখি সম্প্ৰতি৷
ভাগ্যে যোৱা চলি,  শুনা মহাবলী,
 সন্তৰ নমি চৰণ।
সকলো কাৰ্য্যত,  সিদ্ধি হইবেক,
 নাহিকে জন্ম মৰণ৷
একান্ত ভক্তৰ  সেবা নিৰন্তৰ
 এহিমানে লোৱা তুমি৷