পৃষ্ঠা:বৈকুণ্ঠ পয়ান চৰিত্ৰ.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(১৩) শুনা ৰাম ৰাই ভাই তোমা সম প্ৰিয় নাই ইন্দ্ৰিয়ক নিয়মীয়া তুমি। পালিবাহা জ্ঞাতি মিত্ৰ কৰি তুমি দৃঢ় চিত্ত তোমাৰ আগত কহো আমি | অনস্বৰে ৰাম ৰায় কৃতাঞ্জলি কৰি পাৰে কহিলা অনেক স্তুতি কৰি। যেন মতে চটকক ৰক্ষা কৰি চৱালক আছিলাহা চায়৷ ছত্ৰ ধৰি॥৪০ দিলাহা পৰম জ্ঞান কৰিলা ভকতি দান তুমি বিনে মোৰ গতি নায়। অষ্টাঙ্গতে পাৱে পৰি কৃতাঞ্জলী পুত্ৰে ধৰি মন দুখে কান্দে বামবায়॥ ৰস পালে ধেনু যেন আমাক পালিলা তেন তুমি এভো মোৰ নিজগতি। তুমিত থাপিয়া শিৰ বোলো হেৰা প্ৰাণপ্ৰিয় তুমি সবাকাৰ সাধা গতি॥ ৪১ তাঁত পাছে ৰামৰায় পৰিল চৰণে য়ায় স্থিৰ হুয়। আপনাৰ মতি। আজি আমাসাক এৰি যাইবাহা নিজ পুৰি জানিলোছো সকলো সম্প্ৰতি॥ 21547