সমললৈ যাওক

পৃষ্ঠা:বেঞ্জামিন ফ্ৰেঙ্কলিন.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আখৰ চিনি পাইছিল আৰু প্ৰত্যেক কথাতে তেওঁ অসাধাৰণ প্ৰতিভাৰ চিনাকি দিছিল। জটন কি, কেঙিয়াৰা কিবা এটা ভ্ৰান্তিমূলক কাম কৰিলেও তাৰ পৰা তেওঁ নিজে সতুপদেশছে উলিয়াই লৈছিল। এই কথাৰ প্ৰমাণ স্বৰূপ তেওঁৰ সাত বছৰ বয়সৰ এটা ঘটনা উল্লেখ কৰা হল । এদিনাখন বোষ্টন নগৰত এখন ডাঙৰ মেলা বহিছিল । সেই মেলাত আমাৰ ভাৰতীয় মেলা বিলাকৰ নিচিনা নানা তৰহৰ বস্তু বেচা-কিনা আৰু নানা প্রকাৰৰ ৰং ধেমালি হৈছিল। মেলাত খৰচ কৰিবলৈ তেওঁলোকৰ আন আন লৰা- ছোৱালীৰ নিচিনা বেঞ্জামিনকো বাপেক মাকে কিছুমান ভাষৰ ছেণ্ট * দিছিল আৰু বাতে তেওঁ সেইবোৰ লাগতিয়াল বস্তুতছে খৰচ কৰে, তাক মাকে নড়াই দঢ়াই কৈ পঠিয়াইছিল। তেওঁ মেলাৰ মাজত নৌ সুমাওঁতেই দেখিলে যে, তেওঁৰ সমনীয়া এজনে পেপা বজাই বলাই আহিছে। বেঞ্জামিনে সেই পেপাৰ মাতত মুগ্ধ হৈ তেনেকুৱা পেপা এটা কিনিবলৈ তেওঁৰো মন গল আৰু তেনে পেপা ক'ত পোৱা যার সুধি ললে । তেওঁ পোনে পোনে দোকানলৈ গৈ পেপাৰ কথা সুধিলে। দোকানীয়ে কেইবাটিও পেপা উলিয়াই দিলে। এটা এটাকৈ ৰজাই চাই ভাৰে মনত লগা পেপা এটা ললে আৰু তাৰ কোনো পৰ দাম নেখেলোৱাকৈ জেপত থকা মোটেই যিনি ধ • এক ছেন্ট প্রায় ৫ পাঁচ পাইৰ সৰান ।