দি সিবিলাকৰ প্ৰতি নিঠুৰ ব্যৱহাৰ কৰিবলৈ ধৰিলে। এনে অন্যায় আচৰণ সহিব নোৱাৰি নিটাল মৰা মোৱাঁমৰীয়া আকৌ জিকাৰি উঠিল। সিবিলাকে আকৌ বিদ্ৰোহ তুলি পোনেই ৰজাৰ শিঙ্গৰি- ঘৰত জুই লগাই দিলে। এই ঘটনাই নগৰত আকৌ তোলপাৰ লগালে। কিন্তু, এই বিদ্ৰোহ পকি উঠিবলৈ নৌ পাওঁতেই ঘনশ্যাম বুঢ়াগোহাঞি ডাঙ্গৰীয়াই আকৌ মোৱাঁমৰীয়বিলাকক বুজাই-বৰাই শান্ত কৰিলে। এয়ে মোৱাঁমৰীয়াৰ দ্বিতীয় বিদ্ৰোহ।
মোৱাঁমৰীয়াৰ ৩য়, বিদ্ৰোহ।—দ্বিতীয়বাৰৰ বিদ্ৰোহ অলপ চেঁচা পৰিছিল বুলিও, সি তেনেই সুমাবলৈ নাপালে। এনেতে, ঘনশ্যাম ডাঙ্গৰীয়াৰ মৃত্যু হোৱাত, পুতেক পূৰ্ণানন্দ গোহাঞিদেৱে বুঢ়াগোহাঞি ডাঙ্গৰীয়াৰ বাব পায়। সেই ছেগতে মোৱাঁমৰীয়াবিলাক আকৌ মূৰ দাঙ্গি উঠিল। সিবিলাকে গৌৰীনাথসিংহ স্বৰ্গদেৱৰ নিষ্ঠুৰ আচৰণৰ কথা পাহৰা নাছিল, ঘনশ্যাম ডাঙ্গৰীয়াৰ মুখলৈ চাই হে নিটাল মাৰি ৰৈছিল। গতিকে, ডাঙ্গৰীয়া ঢুকালত মোৱাঁমৰীয়াবিলাক আকৌ উত্ৰাৱল হৈ উঠিল। সিবিলাকে এইবাৰ বিষম আক্ৰোশেৰে ৰজাৰ নগৰ আক্ৰমণ কৰিলেহি। পিতৃৰ আৰ্হিৰেই পূৰ্ণানন্দ বুঢ়াগোহাঞি ভাঙ্গৰীয়াও এজন বিচক্ষণীয়া পুৰুষ আছিল। বিদ্ৰোহীবিলাকে হঠাতে আহি বেৰি ধৰাত তেওঁ বিবুদ্ধি নহল। ডাঙ্গৰীয়াই স্বৰ্গদেৱক গোপনে গুৱাহাটীলৈ পাৰ কৰি, নিজে অকলে নগৰ ৰখীয়া হৈ থাকিল। ইফালে বাহিৰত মোৱাঁমৰীয়াবিলাক ৰণত জিকিল বুলি চাৰিওফালে বাতৰি বিয়পি পৰিল। মোৱাঁমৰীয়াই ভৰতসিংহ