পৃষ্ঠা:বুৰঞ্জীবোধ.djvu/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২
বুৰঞ্জীবোধ।

বৰুৱা বন্দী হল। ৰণত জিকি মোৱাঁমৰীয়া নগৰ সোমাল। তাৰ পাচত, সিহঁতে লক্ষ্মীসিংহ স্বৰ্গদেৱক বন্দী কৰি, নাহৰ খোৰা মটকৰ পুতেক ৰমাকান্তক ৰজা পাতিলে। ৰজা হৈ ৰমাকান্তই আহোমৰ আঁঠচুকীয়া মোহৰৰ সলনি তেওঁৰ নামে ন-চুকীয়া মোহৰ মৰালে। মোৱাঁমৰীয়াবিলাকে কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱাক নচঁচা বাঁহত পিং দি বধি, ৰাঘৱ মৰাণক বৰবৰুৱা পাতিলে। অসমদেশৰ উজনি খণ্ডত “আহোমৰ দিন” গুচি মোৱামৰীয়া, মটক আৰু মৰাণৰ দিন হল। কিন্তু সেই দিন সৰহ দিনলৈ নিটিকিল। পাচলৈ মোৱাঁমৰীয়া মটকৰ উৎপাত অসহনীয় হোৱাত ঘনশ্যাম বুঢ়াগোহাঞি ডাঙ্গৰীয়াই বিষয়া সকলেৰে লগ লাগি সিহঁতক ৰণত ঘটাই বশ কৰিলে, আৰু স্বৰ্গদেৱক মুক্ত কৰি দেশত আকৌ শান্তি থাপিলে। এয়ে মোৱাঁমৰীয়াৰ প্ৰথম বিদ্ৰোহ।

 মোৱাঁমৰীয়াৰ ২য়, বিদ্ৰোহ।—ঘনশ্যাম বুঢ়াগোহাঞি ডাঙ্গৰীয়া বৰ জ্ঞানী লোক আছিল। ৰাজনীতি তেওঁ ভালকৈ বুজিছিল। তেওঁ মোৱাঁমৰীয়াবিলাকক অকল যে ৰণত জিনিয়েই বশ কৰিছিল এনে নহয়, তেওঁ সেই উত্ৰাৱল মানুহবিলাকক বুজাই-বৰাই শান্ত কৰিছিল। কিন্তু, তেওঁৰ সেই সজ বুদ্ধি বেচি দিনলৈ নৰজিল। স্বৰ্গদেৱ লক্ষ্মীসিংহৰ পাচত, তেওঁৰ পুতেক গৌৰীনাথসিংহ ১৭৮০ খ্ৰীষ্টাব্দত ৰজা হয়। তেওঁ ৰজা হৈয়ে মোৱাঁমৰীয়াবিলাকক আকৌ অত্যাচাৰ কৰিবলৈ ধৰিলে। মোৱাঁমৰীয়া বুলিলেই তেওঁ অলপ দোষত গুৰু দণ্ড