খ্ৰীঃ ১৯২১ চনৰপৰা ভাৰতবৰ্ষৰ শাসনপ্ৰণালী ভালেমান লৰচৰ কৰা হয়। সেই মতে ভাৰতবৰ্ষৰ ডাঙ্গৰ আৰু লাগতিয়াল প্ৰদেশ আটাইবিলাকতে গৱৰ্ণৰ-শাসনকৰ্ত্তা হোৱাৰ নিয়ম চলে। পোনতে মাদ্ৰাজ আৰু বোম্বাই প্ৰেচিডেন্সীত মাথোন দুজন গৱৰ্ণৰ দিয়াৰ নিয়ম চলিছিল তাৰ পাত বোম্বাই, মাদ্ৰাজ আৰু বাঙ্গালা এই তিনি প্ৰেচিডেন্সী প্ৰদেশৰ শাসনকৰ্তা তিনিজন গৱৰ্ণৰ আছিল; নতুন নিয়ম অনুসৰি পঞ্জাব, যুক্তপ্ৰদেশ, মধ্যপ্ৰদেশ বিহাৰ উৰিষ্যা আৰু অসম এই চাৰিখন প্ৰদেশৰ শাসনকৰ্ত্তা, চাৰিজনো গৱৰ্ণৰ হল। সেই অনুক্ৰমে অসমৰ আগৰ শাসনকৰ্ত্তা চীফ কমিচনাৰ ঠাইত এতিয়া গৱৰ্ণৰ হোৱাৰ নিয়ম চলিছে।
শাসনকৰ্ত্তাৰ খিতাপ সলনিৰ লগে লগে কাউন্সিল বা ৰাজসভাৰ গঠনতো অলপ সালসলনি ঘটিল। আগৰ লেজিচ্লেটীভ কাউন্সিল বা ব্যৱস্থাপক সভাৰ, সদস্যৰ সংখ্যা ২৫ জনৰ ঠাইত এতিয়া ৫৩ জন হল; আৰু গৱৰ্ণৰক সভাপতি পাতি দুজন সদস্যৰে সৈতে এক্জিকিউটভ কাউন্সিল নামে এখন ওপৰঞ্চি ৰাজসভা গঠন কৰা হল। তাৰ উপৰি, দুজন মন্ত্ৰী বিষয়-বাব নতুনকৈ সৃষ্টি কৰা হল। এই মন্ত্ৰী দুজন লেজিচ্লেটীভ্ কাউন্সিললৈ প্ৰজাই পঠিওৱা সদস্যৰপৰা বাছি লোৱা হয়।