পৃষ্ঠা:বুৰঞ্জীবোধ.djvu/১১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৪
বুৰঞ্জীবোধ

আৰ্চেডেল আৰ্ল এজন প্ৰজাৰঞ্জক শাসনকৰ্ত্তা আছিল। তেওঁৰ শাসনৰ কাল উকলি যোৱাৰ পাছতো তেওঁক আৰু এবছৰৰ সময় বঢ়াই দিয়া হৈছিল। তাৰ পাচত, ১৯১৮ চনৰ ৩১ মাৰ্চলৈকে পূৰা ছবছৰ তেওঁ অসম শাসন কৰি, অসমত অভগন সুনাম থৈ, ইয়াৰপৰা পেন্‌চনত মেলানি লৈ ঘৰলৈ গলগৈ। চাৰ আৰ্চডেল আৰ্ল এজন অমায়িক ভদ্ৰলোক শাসনকৰ্ত্তা আছিল।

 চাৰ আৰ্চডেল আৰ্ল যোৱাত, অনৰেবল মিঃ এন, ডি, বিট্‌চন বেল অসমৰ চীফ্‌ কমিচনাৰ হয়। তেওঁ ইয়াৰ আগেয়েও অসমৰ এজন সুদক্ষ ৰাজকৰ্ম্মচাৰী ছিল। তেতিয়া তেওঁ অসম গৱৰ্ণমেণ্টৰ মাটিবিভাগৰ ডিৰেক্টৰ আছিল। তাৰ পাচত, তেওঁ পূৰ্ব্ববঙ্গ আৰু অসম গৱৰ্ণমেণ্টৰ চীফ্‌ চেক্ৰেটেৰী হৈছিল। তেওঁৰ চীফ্ কমিচনাৰীৰ কাল-পূৰ হবলৈ নৌ পাওঁতেই অসমৰ চীফ্‌ কমিচনাৰৰ ঠাইত গৱৰ্ণৰ হোৱাৰ নিয়ম প্ৰচলিত হয়।

 মুঠ্‌-কথা।—১৯১২ খ্ৰীষ্টাব্দৰ ১ এপ্ৰিলৰপৰা অসমত দ্বিতীয়বাৰ চীফ্‌ কমিচনাৰৰ শাসন প্ৰচলিত হয়। ১৯১৩ খ্ৰীষ্টাব্দৰ ২ জানুৱাৰীত পোনপ্ৰথম অসম-কাউন্সিল গঠিত হয়। এই কাউন্সিল বৰ মানী আৰু কাজুৱা আছিল। চাৰ আৰ্চডেল আৰ্ল এই নতুন গৱৰ্ণমেণ্টৰ প্ৰথম চীফ্‌ কমিচনাৰ। অনৰেবল মিঃ বিট্‌চন বেল অসমৰ শেহ চীফ্‌ কমিচনাৰ।

⸺৹⸺