পৃষ্ঠা:বুৰঞ্জীবোধ.djvu/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৯
চীফ্‌ কমিচনাৰৰ গৱৰ্ণমেণ্ট।

শাসনকৰ্তা আছিল। ফুলাৰ চাহাব বাহাদুৰে তেওঁৰ শাসনকালত প্ৰজাহিতকৰ কাৰ্য ভালেমান কৰিলে। তাৰ ভিতৰত গাওঁবুঢ়াক বঁটা দিয়াৰ নিয়ম, মৌজাদাৰী প্ৰথা আকৌ প্ৰচলন, শিক্ষা-বিভাগৰ সংস্কাৰ, অসমীয়া সাহিত্য কলিকতা বিশ্ববিদ্যালয়ত পাঠ্য কৰা, কটন কলেজটি প্ৰথম শ্ৰেণীলৈ তোলা, মাটিৰ কুৰি বছৰীয়া বন্দবস্তী, আহোম ছাত্ৰক বিনামাচুলে স্কুল-কলেজত পঢ়িবলৈ সুবিধা দিয়া, চৰ্কাৰী চাকৰীত অসমীয়াক আগ-বাছনি দিয়া এই বিলাকেই ঘাই।

 মুঠ্‌-কথা।—কৰ্ণেল কিটিং অসমৰ প্ৰথম চীফ কমিচনাৰ। চাৰ বেম্‌ফিল্ড ফুলাৰ এই ছোৱা শাসনৰ শেহৰ চীফ্‌ কমিচনাৰ। ১৮৯৭ খ্ৰীষ্টাব্দৰ ১২ জুনত এটা বৰ ডাঙ্গৰ ভূঁইকঁপৰ উৎপাত হৈছিল। ১৮৯০ চনত মণিপুৰত এটা বিষম বিদ্ৰোহ হয়। সেই বিদ্ৰোহ দমাবলৈ যাওঁতেই চীফ্‌ কমিচনাৰ মিঃ কুইন্টন কটা যায়। ১৮৯৯ খ্ৰীষ্টাব্দত ভাৰতবৰ্ষৰ গৱৰ্ণৰ জেনেৰেল লৰ্ড কৰ্জ্জন অসম-ভ্ৰমণলৈ আহিছিল। ১৯০০ খ্ৰীষ্টাব্দত ভাৰত বৰ্ষৰ সম্ৰাজ্ঞী ইংলণ্ডৰ পটেশ্বৰী মহাৰাণী ভিক্টোৰীয়া স্বৰ্গী হয়। মহাৰাণী ভিক্টোৰীয়াই ৬০ তিনি কুৰি বছৰ ৰাজপাট খাইছিল। তেওঁক উনৈচ্‌ আৰু কুৰি এই দুটা শতিকাৰ মহাৰাণী বুলিব পাৰি। মহাৰাণী ভিক্টোৰীয়াৰ সমান প্ৰখ্যাতী আৰু পূজনীয়া পটেশ্বৰী পৃথিবীত আজিলৈকে কেৱে হব পৰা নাই। হোজা অশিক্ষিত গাৱঁলীয়া ভাৰতীয় প্ৰজাই আজিকোপতি বৃটিচ্‌ শাসনকাল মহাৰাণী ভিক্টোৰীয়াৰ দিন বুলি বিশ্বাস কৰে। টানৰ সময়ত সেইবিলাক প্ৰজাই আজিও “মহাৰাণীৰ দোহাই" দিয়ে।