পৃষ্ঠা:বুৰঞ্জীবোধ.djvu/১০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৮
বুৰঞ্জীবোধ।

১৮৯৯ খ্ৰীষ্টাব্দত ভাৰতবৰ্ষৰ গৱৰ্ণৰ জেনেৰেল লৰ্ড কৰ্জ্জন চাহাবে অসম পৰিভ্ৰমণ কৰি যায়হি। আৰু তেওঁৰ শাসনৰ কালতে, ১৯০০ খ্ৰীষ্টাব্দত বিলাতত মহাৰাণী ভাৰতেশ্বৰী ভিক্টোৰীয়া স্বৰ্গী হয়। মিঃ কটনৰ যত্নতে গুৱাহাটীত দ্বিতীয় শ্ৰেণীৰ কলেজ এটি দ্বিতীয়বাৰ প্ৰতিষ্ঠিত হয়। সেই সময়তে ডিব্ৰুগড়ত “বেৰী হোৱাইট মেডিকেল স্কুল” নামে ডাক্তৰী

মহাৰাজ ভাৰতেশ্বৰ সপ্তম এডোৱাৰ্ড।

এটিও বিদ্যালয় স্থাপিত হয়। গুৱাহাটীৰ কলেজটিৰ নাম কটন চাহাবৰ নামেই "কটন কলেজ” হৈছে।

 চাৰ হেন্‌ৰী কটনৰ পাচত, ১৯০২ খ্ৰীষ্টাব্দত অনৰেবল মিঃ ফুলাৰ চাহাব (পাচত চাৰ বেম্‌ফিল্ড ফুলাৰ) অসমৰ চীফ্‌ কমিচনাৰ হয়হি। এই জনা বৰ উদাৰচিতীয়া আৰু প্ৰজাবন্ধু